নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণ বৰাৰ নাতি পুতিৰ নাম গিয়াছউদ্দিন, নিজামুদ্দিন ৰাখিবলৈ কিয় আহ্বান জনালে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ  অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মহাজোঁটৰ চুনামিত বিজেপি নিঃশেষ হ’ব বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মন্ত্ৰী গৰাকীয়ে কয় যে ‘ছুনামি সাগৰত আহে নদীত নাহে, আমি ব্ৰহ্মপুত্ৰৰ পাৰত হে থাকো।’
‘সাগৰৰ কাষত বাংলাদেশ হে আছে, গতিকে ৰিপুণ বৰাৰ ছুনামি বাংলাদেশত আহিব।’

উল্লেখ্য যে ৰিপুণ বৰাই বদৰুদ্দিন আজমল সাম্প্ৰদায়িক নহয় বুলি মন্তব্য কৰাৰ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে ‘ৰিপুণ বৰাই বদৰুদ্দিনক কোলাত লওক, বৰাই ভৱিষ্যতে নাতি-পুতিৰ নাম বদৰুদ্দিন আজমল, গিয়াছুদ্দিন আজমল ৰাখক।’

You might also like