নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজন্তা নেওগ বিজেপিলৈ গ’লেও কংগ্ৰেছৰ একো ক্ষতি নহয়ঃ ৰিপুণ বৰা

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ অজন্তা নেওগ বিজেপিলৈ গ’লেও কংগ্ৰেছৰ একো ক্ষতি নহয়। এই মন্তব্য ৰিপুণ বৰাৰ।

তেওঁ যদি সঁচাকৈ বিজেপিলৈ যায় দলৰ কোনো ক্ষতি নহয়। আমাৰ দললৈ তেনেকুৱা বহুত মানুহ আহিছে আৰু গৈছে। কংগ্ৰেছে তেওঁক ইমান সন্মান দিছিল ৩বাৰকৈ মন্ত্ৰী পাতিছিল গতিকে আমি দুখ পাইছো তেওঁ আদৰ্শক বিশ্বাসঘাটকতা কৰিব নালাগিছিল। ইয়াতকৈ বহু বাঘা বাঘা নেতাই কংগ্ৰেছ এৰি গুছি গৈছে কিন্তু কংগ্ৰেছৰ একো হোৱা নাই বুলি মন্তব্য কৰে APCCৰ সভাপতিগৰাকীয়ে।

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত দলত এয়া যেন এক মোক্ষম আঘাত। অজন্তা নেওগৰ লগত বহু নেতাই বিজেপিত যোগ দিয়াৰ আশংকা কৰা হৈছে।

আনহাতে অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত ৰাজহুৱাকৈ একো মন্তব্য কৰা নাই লগতে বৰ্তমানলৈ কংগ্ৰেছ দল ত্যাগ কৰা নাই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ বাবেই বিটিছিত কংগ্ৰেছৰ ফলাফল বেয়া হল। 

You might also like