নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ ৰিতম পুথিভঁৰালৰ সাহিত্যানুষ্ঠান সম্পন্ন

বিশেষ বাৰ্তা, ১৮ ফ্ৰেব্ৰুৱাৰীঃ যিসকল নাৰীয়ে প্ৰত্যাহ্বান নেওচি জীৱনটো হেলাৰঙে আগবঢ়াই নিছে সেইসকল নাৰীয়ে জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ নাৰী সকলে প্ৰত্যাহ্বানৰ সন্মুখত থিয় দিবলৈ কেতিয়াও ভয় কৰিব নালাগে৷ সাহসৰে প্ৰত্যাহ্বানৰ মুখামুখি হবলৈ মানসিকভাবে প্ৰস্তুত থাকিব লাগিব ৷ তেতিয়াহে জীৱন যুদ্ধ জয় হব পাৰিব ৷ এই মন্তব্য শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°নিহাৰ ৰঞ্জন কলিতাৰ৷ কালি ৰিতম পুথিভঁৰালত অনুষ্ঠিত সাহিত্যানুষ্ঠানত সমল ব্যক্তি হিচাৱে উপস্থিত থাকি অধ্যক্ষ ড° কলিতাই বিশিষ্টা সাহিত্যিক, প্ৰৱন্ধকাৰ ড° মামণি ৰয়চম গোস্বামী বিষয়ক আলোচনাত ভাগ লৈ কয় যে, মামণি গোস্বামীয়ে জীৱনত পোৱা বাস্তৱ অভিজ্ঞতাই তেওঁৰ লেখনিৰ মুখ্য সমল বুলি কয়৷ তেওঁৰ ৰচিত ’আধা লিখা দস্তাবেজ’ত তেওঁ নিজৰ চৰিত্ৰটোক অংকন কৰাৰ উপৰি শ্ৰমিকৰ জীৱনগাথা বৈধব্য জীৱনত নাৰীসকলে সন্মুখীন হৈ অহা মানসিক নিৰ্যাতন আদিকে ধৰি সমাজৰ প্ৰতিটো শ্ৰেণীয়ে বাস্তৱ জীৱনত সন্মুখীন হৈ অহা বিভিন্ন সমস্যাবিলাক বিভিন্ন চৰিত্ৰৰ মাজত অংকিত কৰি সমস্যাসমুহৰ এক সমাধানৰ পথ দেখুবলৈ তেখেতে লেখনি বোৰৰ মাজেৰে চেষ্টা কৰি গৈছে ৷ নাৰীসকলে সময়ে সময়ে কেনে প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হয় তাকো তেওঁ উপন্যাস সমুহত বিশ্লেষণ কৰিছে৷ উপন্যাস সমুহত কিছুমান চৰিত্ৰ তেওঁ নিজেই লৈ আনৰ বাবে এক আদৰ্শ হিচাৱে দেখা দিছে৷ নতুন প্ৰজন্মক অধ্যক্ষগৰাকীয়ে মামণি ৰয়চম গোস্বামীৰ উপন্যাস, গল্প সমুহ পঢ়িলে বহুত কিবাকিবি লাভ কৰিব পাৰিব বুলি পৰামৰ্শ আগবঢ়ায়৷ কিতাপ পঢ়িলে যে পৃথিবীৰ সকলো কথাৰে জ্ঞান লাভ কৰিব পাৰি তাক তেওঁ উল্লেখ কৰি সকলোৱে সময়ৰ সুযোগ উলিয়াই কিতাপ পঢ়া অভ্যাস কৰিলে আমি আমাৰ জীৱনত সন্মুখীন হৈ অহা সমস্যাবোৰৰ সমাধানৰ উত্তৰ বিচাৰি পাব পাৰো বুলিও ড° কলিতাই উল্লেখ কৰি ড°গোস্বামীয়ে ৰামায়ণী সাহিত্যত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু গৱেষণা সময়ছোৱাত তেওঁ তেওঁৰ সাহিত্য সৃষ্টিত মনোনিৱেশ কম কৰা নাছিল বুলি দোহাৰে ৷ সভাত জ্যেষ্ঠ সাংবাদিক দিলীপ মেধি উপস্থিত থাকি ৰিতম পুথিভঁৰালৰ এনে প্ৰচেস্টাৰ শলাগ লয় আৰু কিতাপ পঢ়াৰ এক অভ্যাস গঢ়াৰ বাবে এক জনমুখী কাৰ্যসূচী লবলৈ উদ্যোক্তা সকলক আহ্বান জনায় ৷ সাংবাদিক গৰাকীয়ে ৰিতম পুথিভঁৰালে প্ৰতিমাহত এনে সাহিত্যানুষ্ঠান পাতি একো একো গৰাকী বিশিষ্ট ব্যক্তিৰ জীৱন পৰিক্ৰমাৰ বিষয়ে গভীৰ পৰ্যালোচনা কৰি নতুন প্ৰজন্মৰ মাজত সেইবোৰ বিশ্লেষণ কৰা কাৰ্য সচাকৈয়ে আদৰণীয় আৰু এক যুগাত্মাক পদক্ষেপ বুলি উল্লেখ কৰে৷ অনুষ্ঠানটিৰ আত ধৰে ৰিতম পুথিভঁৰালৰ স্বতাধিকাৰী তথা বিশিষ্ট নাট্যকাৰ বিকাশ কলিতাই ৷ অনুষ্ঠানত কেবাগৰাকী মহিলাই কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ৷

প্ৰেৰক দিলীপ মেধি

You might also like