নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত নদী-পৰিৱেশ সুৰক্ষাৰ সজাগতা অভিযান

🔹 বনভোজস্থলীত ‘মোক বৈ যাবলৈ দিয়ক’ সজাগতামূলক শ্ল’গান

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰ : সাম্প্ৰতিক সময়ত নদীৰ জলস্তৰ হ্ৰাস হোৱাৰ সমান্তৰালভাৱে জলাশয়সমূহ হেৰাই যোৱাৰ উপক্ৰম হৈছে। নদী-জলাশয়সমূহ বিভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান। বন্যপ্ৰাণী আৰু বনাঞ্চলৰ প্ৰতি নামি অহা সংকটে অদূৰ ভৱিষ্যতে পৰিৱেশৰ ওপৰত মাৰাত্মক প্ৰভাৱ পেলোৱাটো ধুৰূপ। সেয়ে প্ৰকৃতিৰ সৈতে সদয় হৈ জীয়াই থকাৰ উদ্দেশ্যে ঢকুৱাখনাত আৰম্ভ হৈছে এক ন অভিযান। মানৱসৃষ্ট পৰিৱেশৰ প্ৰভাৱত জৈৱ-বৈচিত্ৰ্য  বিপন্ন হৈ পৰা দেখিয়েই ঢকুৱাখনাৰ কেইজনমান যুৱকৰ প্ৰচেষ্টাত আৰম্ভ হৈছে প্ৰকৃতি সুৰক্ষাৰ এক সজাগতামূলক অভিযান। অগ্ৰণী প্ৰকৃতি সংগঠন Pure Environment For Wildlife চমুকৈ Pu En Fo Wildৰ উদ্যোগত দেওবাৰে চাৰিকড়ীয়া নদীত নৌকা যাত্ৰাৰে সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰে। নৈৰ বুকুত সংগঠনটোৰ সদস্যসকলে কেইবাখনো নাৱেৰে পৰিভ্ৰমণ কৰি নৈৰ পাৰত বাস কৰা লোকসকলক ঢকুৱাখনাৰ ইতিহাস বহনকাৰী নদীখনৰ প্ৰকৃতিপ্ৰদত্ত নিৰ্মলতা আৰু পৰিশুদ্ধতা অক্ষুণ্ণ ৰাখি নদীৰ বুকুত প্লাষ্টিকজাতীয় সামগ্ৰী, বৰ্জিত সামগ্ৰী নিক্ষেপ কৰাৰ পৰা বিৰত থকাৰ ৰাজহুৱা আহ্বান জনায়। ইয়াৰ পিছতে সংগঠনটোৰ সদস্যসকলে বিগত বৰ্ষৰ দৰে এইবাৰো চাৰিকড়ীয়া নৈৰ পাৰত বনভোজ খাবলৈ অহা দলসমূহক চাৰিকড়ীয়া নৈৰ পাৰৰ মনোৰম সৌন্দৰ্যৰ যাতে হানি নহয়, তাৰ বাবে পৰিষ্কাৰ–পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে বনভোজ খোৱা ঠাইসমূহত ব্যক্তিগত প্ৰচেষ্টাৰে ‘আহক আমি প্ৰদূষণমুক্ত পৃথিৱী গঢ়ো’, ‘ধৰণীক সেউজীয়া কৰোঁ’, ‘প্লাষ্টিকেৰে নিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰোঁ’, ‘আমাৰ বুকুত আৱর্জনা নেপেলাব, ‘মোক বৈ যাবলৈ দিয়ক’ আদি বিভিন্ন সজাগতামূলক শ্ল’গানেৰে ৰাইজক সচেতন হ’বলৈ আহ্বান জনোৱাৰ লগতে প্ৰচাৰ-পত্ৰ বিতৰণ কৰি বনভোজস্থলীৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা হাতত লয়।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like