নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰজেডিক তিনিচুকীয়া গতাই অজাপৰে বুজাবুজি মহাজোঁটৰ

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ বিটিচিৰ অধীনস্থ ১২টা সমষ্টিত বিপিএফক মুকলি সমর্থন দি অসম জাতীয় পৰিষদে (অজাপ) পিছদুৱাৰেদি কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অন্যতম অংশীদাৰ হোৱাৰ সময়তে আৰ জে ডিক তিনিচুকীয়া গতাই অজাপৰে বুজাবুজি কৰিছে মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছে৷ উল্লেখ্য যে নির্বাচনী অধিসূচনা জাৰিৰ প্রাক্ক্ষণত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা আৰ জে ডিৰ মুৰব্বী তেজস্বী যাদৱে আসন্ন বিধানসভা নির্বাচনত বিজেপিক উৎখাতৰ স্বার্থত মহাজোঁটক অধিক গতিশীল হৈ শক্তিশালী ৰূপত আত্মপ্রকাশ কৰাৰ পৰামর্শ আগবঢ়ায়৷ সেই যাত্রাত যাদৱে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্রদ্যুৎ বৰদলৈ, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল, আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাৰ সৈতে সুকীয়াকৈ আলোচনাত মিলিত হয়৷ সেই অসম ভ্রমণৰ সময়তে তেজস্বী যাদৱে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈক মহাজোঁটলৈ অনাৰ বাবে চেষ্টা চলাই গগৈৰ সৈতে আলোচনাত মিলিত হ’ব বিচাৰিছিল৷ কিন্তু সেই সময়ত লুৰিণজ্যোতি গগৈয়ে সেই প্রস্তাৱ প্রত্যাখ্যান কৰি যাদৱক সাক্ষাৎ নিদিলে৷ মন কৰিবলগীয়া এয়ে যে সেই অসম ভ্রমণৰ সময়তে যাদৱে নির্বাচনৰ সময়ত অসমলৈ আহি প্রচাৰ কার্য চলাব বুলিও সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছিল৷

পৰৱর্তী পর্যায়ত মহাজোঁটৰ আসন বুজাবুজিৰ সময়ত কংগ্রেছ দলে তিনিচুকীয়া সমষ্টিটো আৰ জে ডি দলক এৰি দিয়ে৷ আৰ জে ডিয়ে সমষ্টিটোত হীৰা দেৱীক দলীয় টিকট প্রদান কৰে৷ সমষ্টিটোত এইবাৰ আৰ জে ডিৰ হীৰা দেৱীৰ উপৰি এন চি পিৰ ৰবীন চন্দ্র কছাৰী, বিজেপিৰ সঞ্জয় কিষাণ, জে ডি (ইউ)ৰ অলক ৰায়, পলিটিকেল জাষ্টিচ পার্টীৰ উধিনাথ প্রজাপতি, লোকজনশক্তি পার্টীৰ চিণ্টু বৰুৱা, ৰাষ্ট্রীয় লোক সমতা পার্টীৰ প্রবীণ কুমাৰ হাজৰিকা, অজাপৰ চমচেৰ সিং, ভাৰতীয় গণ পৰিষদৰ স্বপন পাল, নির্দলীয় শুভাশিস ভট্টাচার্য আৰু আম্বেদকাৰ পার্টী অৱ ইণ্ডিয়াৰ ফাণ্ড খাৰিয়া নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ পিছে অতি গুৰুত্বপূর্ণ এয়ে যে সমষ্টিটোৰ মহাজোঁটৰ প্রার্থী আৰ জে ডিৰ হীৰা দেৱীৰ প্রচাৰ এতিয়াও নিস্তেজ হৈ আছে৷ ইয়াৰ বিপৰীতে সমষ্টিটোৰ বিজেপি প্রার্থী সঞ্জয় কিষাণ আৰু অজাপৰ চমচেৰ সিঙৰ প্রচাৰ অভিযান তুংগত উঠিছে৷ মহাজোঁটৰ আৰ জে ডিৰ প্রার্থীগৰাকীৰ হৈ তেজস্বী যাদৱ কেতিয়া প্রচাৰ কার্য চলাবলৈ আহিব সেই সম্পর্কত প্রদেশ কংগ্রেছ বাদেই, অসমত বাহৰ পাতি থকা এ আই চি চিৰ নেতৃবৃন্দয়ো নাজানে৷ কংগ্রেছৰ ওচৰত তেজস্বী যাদৱৰ অসম আগমন সম্পর্কত কোনো নিশ্চিত তথ্য নাই৷ এই সম্পর্কত মহাজোঁটৰ এক সূত্রই জানিবলৈ দিয়া মতে বি পি এফৰ জৰিয়তে মহাজোঁটৰ কাষ চাপি অহা অজাপক পৰোক্ষভাৱে তিনিচুকীয়া গতাই দিছে কংগ্রেছে৷ তেনে এক পূর্ব পৰিকল্পিত অংকৰ আধাৰতে কংগ্রেছে ৰাজ্যখনত কোনো গণভিত্তি নথকা আৰ জে ডিৰ সৈতে মিত্রতা কৰি লোকক দেখুৱাই সমষ্টিটো আৰ জে ডিক গতাই দিয়ে৷ কিন্তু শেহতীয়া নির্বাচনী প্রচাৰৰ ক্ষেত্রত সমষ্টিটোৰ বহু কংগ্রেছীয়ে অজাপৰ প্রার্থীগৰাকীক সহায় কৰি থকাৰ খবৰে অজাপৰ সৈতে কংগ্রেছৰ গোপন বুজাবুজিৰ ছবিখন পৰিস্ফুট কৰি তুলিছে৷

You might also like