নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈৰ বগাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৩ মেঃ তিনিচুকীয়াৰ ডিগবৈ থানাৰ অন্তৰ্গত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগাপানী ঙাইলুং হোটেলৰ সমীপত আজি বিয়লি সংঘটিত এক ভয়ংকৰ পথ দূৰ্ঘটনাত এটি শিশু সহ এগৰাকী ব্যক্তিৰ শোকাবহ মৃত্যুৰ ঘটনাৰ ফলত  অঞ্চলজুৰি শোকৰ ছাঁ পৰে। ঘটনাৰ বিৱৰণী মতে তিনিচুকীয়া অভিমুখে গৈ থকা তীব্ৰ বেগী AS23AC5589 নম্বৰৰ কেঁচা চাহপাত কঢ়িয়াই নিয়া এখন ট্ৰাকে বিপৰীত দিশৰ পৰা ডিগবৈ অভিমুখে আহি থকা AS23B 4960 নম্বৰৰ নীলা ৰঙৰ মাৰুটি ভান খনক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত মাৰুটি ভান খনৰ চালকৰ আসনত থকা নেমুৰাম হাজৰিকাৰ (৬২) থিতাতে মৃত্যু হয়। নিহত হাজৰিকা মাৰুতি ভানখনৰ ষ্টেৰিঙত আৱদ্ধ হৈ পৰা পৰিলক্ষিত হয়। বহু সময়ৰ অন্ততঃ তেওঁৰ মৃতদেহ উলিয়াই আনিবলৈ সক্ষম হয়। ভয়ংকৰ পথ ঘটনাটোত গুৰুতৰ ভাৱে আহত তেওঁৰ পত্নী জুৰি হাজৰিকা (৫৮), জীয়েক লক্ষীমা হাজৰিকা (৩৪) আৰু এটি প্ৰায় ডেৰ বছৰীয়া নাতিয়েকক এম্বুলেঞ্চ সেৱাৰ জৰিয়তে ডিগবৈ অসামৰিক চিকিৎসালয়লৈ অনাৰ পথত শিশুটিয়ে কৰুণভাৱে প্ৰাণ ত্যাগ কৰে। ইপিনে, জুৰি হাজৰিকা আৰু লক্ষীমা হাজৰিকাক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে, নেমুৰাম হাজৰিকাই তেওঁৰ পত্নী , জীসহ নাতিয়েকক লগত লৈ চিকিৎসাজনিত বিষয়ত ডিব্ৰুগড়ৰ পৰা উভতি অহাৰ সময়তে দূৰ্ঘটনাটো সংঘটিত হয়। ডিগবৈ ৰামনগৰৰ বাসিন্দা নিহত নেমুৰাম হাজৰিকা আই অ চিৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া। বাসস্থানৰ পৰা মাথো এক কিলোমিটাৰ নিলগত সংঘটিত দূৰ্ঘটনাটৰ বাতৰিয়ে অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দূৰ্ঘটনাৰ ফলত ঘটনাস্থলীৰ দুয়োদিশে ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যান জঁটৰ সৃষ্টি হয়। ইতিমধ্যে মৃত্যুদূত ৰূপী তীব্ৰ বেগী চাহপাত কঢ়িওৱা গাড়ী সমূহৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তত বহু লোকে প্ৰাণ হেৰুৱাই অহাৰ পাছতো কিন্তু জিলা পৰিবহন বিভাগ নতুবা জিলা আৰক্ষী প্ৰশাসনে এইসকল চাহপাত কঢ়িয়াই নিয়া উদণ্ড চালকক নিয়ন্ত্ৰণ কৰাত চৰমভাৱে ব্যৰ্থ বুলিব পাৰি। চাহপাত কঢ়িওৱা গাড়ী চালক সকলৰ অনুজ্ঞাপত্ৰৰ বৈধতা আৰু গাড়ী সমূহৰ ফিটনেছ সন্দেহজনক আৰু পৰীক্ষা কৰিলেহে প্ৰকৃত স্বৰূপটো পোহৰলৈ আহিব বুলি সচেতন মহলে প্ৰশ্ন উৎত্থাপন কৰিছে। বিভিন্ন সময়ত এই চালক সকলৰ পৰিৱৰ্তে হেণ্ডিমেন নতুবা যোগালী সকলেহে গাড়ী বোৰ চলোৱা দেখা যায়। চাহপাত কঢ়িওৱা গাড়ী সমূহৰ অতপালিত অতিষ্ঠ জনসাধাৰণে আৰক্ষীৰ লগতে পৰিবহন বিভাগক এই চালক সকলক নিয়ন্ত্ৰণ কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো তেওঁলোকৰ ভূমিকাই ৰহস্যৰ ঘণীভূত সৃষ্টি কৰিছে। ইপিনে দূৰ্ঘটনা সংঘটিত ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন জন ঘটনা স্থলীৰ পৰা পলায়ন কৰে।

প্ৰেৰক ৰমণী বুঢ়াগোহাঁই

You might also like