বিশেষ বাৰ্তা ২১ অক্টোবৰ: আজি বিয়লি নাহৰকটীয়াৰ থানাৰ অন্তৰ্গত নাহৰকটীয়া চহৰৰ লেঙেৰিজান চাহ বাগিচাৰ কাষত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাটোত এজন লোক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে আন এজন লোকৰ দীঘলপথাৰস্থিত অসামৰিক চিকিৎসালয়ত মৃত্যু ঘটে। চিকিৎসালয়ত উপস্থিত হৈ লাভ কৰা তথ্য অনুসৰি দুই নং নাহৰণি গাঁৱৰ নিবাসী সম্বন্ধত দদায়েক ভতিজাক ক্ৰমে ধৰণী চিক (১৮) আৰু আৰু বগা চিক (৪২) নামৰ লোক দুজনে AS 06 W5372 নম্বৰৰ স্পলেণ্ডাৰ মটৰচাইকেলত বিয়লি নাহৰকটীয়া চহৰৰ দিশৰ পৰা নাহৰণি অভিমুখে গৈ থকা অৱস্থাত উক্ত স্থানত দুৰ্ঘটনাত পতিত হৈ পথৰ ওপৰতে বাগৰি পৰাত বগা চিক নামৰ ব্যক্তিজনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আনজন যুৱক ধৰণী চিকক প্ৰত্যক্ষদৰ্শীয়ে দীঘলপথাৰ অসামৰিক চিকিৎসা লয়লৈ লৈ আনে যদিও যুৱকজনে চিকিৎসালয়খনতে মৃত্যুক সাৱটি লয়। লক্ষণীয় যে লোক দুজন কি কাৰণত দুৰ্ঘটনাত পতিত হল, সেইয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও কোনো অচিনাক্ত বাহনৰ খুন্দাতে এই দুৰ্ঘটনা টো সংঘটিত হল বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।
প্ৰেৰক প্ৰাঞ্জল ভূঞা