নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰ : মাৰ্ঘেৰিটা ১নং মাকুম পথাৰ ভাৰত পেট্ৰ’ল পাম্পৰ সন্মুখত আজি পুৱা ৫.১৭ বজাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হয়। এ এছ-৩২ চি-০২৫৫ নম্বৰৰ বলেৰ’ পিকআপ বাহনে প্ৰাতঃভ্ৰমণত চাইকেল চলাই অহা মাৰ্ঘেৰিটা জয়ানগৰৰ বন্তি চিংফৌ চিৰিং (৩৫) নামৰ মহিলাগৰাকীক খুন্দিওৱাত থিতাতে নিহত হয়। মাৰ্ঘেৰিটাৰ ব্যৱসায়ী অনুপ চিৰিঙৰ পত্নী বন্তি চিৰিং অঞ্চলটোৰ এগৰাকী চিনাকি মুখ আছিল। মৃত্যুৰ সময়ত বন্তিয়ে স্বামী তথা এজন পুত্ৰ সন্তানক ইহসংসাৰত এৰি যায়। এই পথ দুৰ্ঘটনাত পথৰ কাষৰ এটা গেৰেজত থকা এ এছ-২৩ এ বি-৮৭৭২ নম্বৰৰ হোণ্ডাই আই ১০ বাহনখনো বলেৰ’খনৰ খুন্দাত বিস্তৰ ক্ষতিসাধন হয়। বন্তিৰ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ তৰফৰ পৰা বন্তিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সংবাদ মাধ্যমলৈ এক প্ৰেছটোকা প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা গাড়ীচালকক আৰক্ষীয়ে আটক কৰাৰ লগতে বলেৰ’ পিকআপ বাহনখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে আই ১০ গাড়ীখনো মাৰ্ঘেৰিটা আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
প্ৰেৰক মানস প্ৰতিম গগৈ