নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ বৰতলত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু মাদ্ৰাছাৰ ছাত্ৰী

নিয়মীয়া বাৰ্তা, ৬ জুনঃ ৰূপহীহাটৰ বৰতলত আজি আবেলি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয় ৷ উক্ত পথ দুৰ্ঘটনাত নিহত হয় আফচানা খাতুন নামৰ এগৰাকী মাদ্ৰাছাৰ ছাত্ৰী৷ এএছ-০২-এপি-১৭৩০ নম্বৰৰ এখন তীব্ৰবেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই মাদ্ৰাছাৰ ছাত্ৰীগৰাকীক খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ছাত্ৰীগৰাকীৰ৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ বাইকখন জব্দ কৰাৰ লগতে বাইক চালকক আটক কৰি তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like