🔹 একেদিনাই তিনিটা দুৰ্ঘটনাত দুজনৰ প্ৰাণহানি, আহত তিনি
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত লালুকৰ ৰাজপথত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে সাধাৰণ জনতা ৷ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল হিচাপে লালুকত যান-বাহনৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়৷ বিশেষকৈ সন্ধিয়াৰ সময়ছোৱাত দ্ৰুতবেগী দুচকীয়া, চাৰিচকীয়া যান-বাহনৰ সন্ত্ৰাসত সাধাৰণ জনতাই খোজকাঢ়ি অথবা চাইকেল চলাই যাবলৈ শংকিত হ’ব লগা হয়৷ তাতে নৱবৰ্ষৰ প্ৰাকক্ষণত নিশা দুপৰলৈকে যান-বাহন চালকৰ মাতাল ভংগিমা, তেনেই সাধাৰণ দৃশ্য হৈ পৰে লালুকৰ ৰাজপথত ৷ যোৱানিশা লালুক গোবিন্দপুৰত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পৃথক দুৰ্ঘটনাত এগৰাকী যুৱতীসহ দুগৰাকী নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগা হয়৷ গোবিন্দপুৰত মৃতকক সৎকাৰ কৰি নিজ ঘৰলৈ আহি থকা অৱস্থাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পশ্চিম লালুক গাঁৱৰ লক্ষেশ্বৰ বৰা (৩৫) নামৰ যুৱকগৰাকীক অচিনাক্ত বাহনে খুন্দিয়াই নিহত কৰাৰ কিছু সময়ৰ পাছতে একে ঠাইতে অৰুণাচল প্ৰদেশৰ পৰা পবিত্ৰ বৰদিন উপলক্ষে লালুক ঢেকীয়াজুলিৰ ভিনিহিয়েকৰ সৈতে স্কুটীৰে ঘৰলৈ আহি থকা অৱস্থাত ৰেৱিকা ধান (২১) নামৰ যুৱতীগৰাকীক এখন ট্ৰাকে খুন্দিয়াই ঠাইতে নিহত কৰে৷ দুয়োটা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে৷ আনহাতে, যোৱানিশাই লালুক বেজিবাৰীত সংঘটিত মটৰ চাইকেল দুৰ্ঘটনাত তিনিগৰাকী লোক আহত হয়৷ আহত কেউগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয়৷ জানিব পৰা মতে, কালিৰ দিনটোতে লালুক এলেকাৰ কেইবাস্থানত সংঘটিত হৈছে সৰু সৰু কেইবাটাও পথ দুৰ্ঘটনা৷ লালুকৰ সচেতন ৰাইজে পুলিচ প্ৰশাসনক তীব্ৰবেগী আৰু নিচাসক্ত বাহন চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷
প্ৰেৰক মৃদুল ফুকন