👉১৫ ফুট গভীৰ প্ৰকাণ্ড গাঁত খন্দাক লৈ তীব্ৰ চাঞ্চল্য
👉কেবল লাইন সংস্থাপনৰ কামত শিশু শ্ৰমিক নিয়োজিত
👉গাঁতৰ ভিতৰৰ পৰা বোকাৰে লুতুৰি পুতুৰি ৫ শিশু শ্ৰমিক উদ্ধাৰ
👉মুখ্যমন্ত্ৰীৰ নিৰ্দেশ উলংঘা জিঅ’ কোম্পানীৰ ঠিকাদাৰৰ
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰীহক সঘন দুৰ্ঘটনা আৰু অকাল মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ পথৰ য’ তে ত’ তে গাঁত খান্দি পাইপ লাইন, কেবোল লাইন ইত্যাদি সংস্থাপনৰ নামত পথ ধংস নকৰিবলৈ তথা সতৰ্কতামুলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পিছতো শিৱসাগৰত ওভোতগোৰে নচা ঠিকাদাৰক নাকী লগাবলৈ সক্ষম হোৱা নাই জিলা প্ৰশাসন ৷ আজিৰ পৰা বিশটা দিনৰ পুৰ্বে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে ভিডিঅ কনফাৰেঞ্চযোগে এইক্ষেত্ৰত প্ৰতিখন জিলাৰ উপায়ুক্তক জবাবদিহি কৰাৰ সময়তেই শিৱসাগৰত পোহৰলৈ আহিল এক ভয়ংকৰ ঘটনা ৷ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ নিলগৰ ৰংঘৰ ছাৰিআলিৰ সমীপৰ দুৱৰণী আলিত জিঅ কেবোল সংস্থাপনৰ নামত এটা ঠিকাদাৰী গোষ্ঠীয়ে ৰজাদিনীয়া পথটোত ১৫ ফুট গভীৰতাৰ এটা প্ৰকাণ্ড গাঁত খণ্ডাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ বিগত প্ৰায় তিনিটা মাহ ধৰি জিঅৰ কেবোল সংস্থাপনৰ নামত সমগ্ৰ পথটোৰ শতাধিক স্থানত বয়িং কৰাৰ নামত পথটোত খনন চলাই আহিছিল৷ সম্পুৰ্ণ নীতি বৰ্হিভূতভাৱে ৰজাদিনীয়া পথটোত কেবোল সংস্থাপনৰ নামত সৃষ্টি কৰা উন্মুক্ত গাঁতসমুহ শিল বালিৰ দ্বাৰা পুৰ্ণ নকৰি তেনেদৰে এৰি থৈ অহাৰ ফলত শেহতীয়া নেৰানেপেৰা বৰষুণে অত্যন্ত গুৰুত্বপুৰ্ণ পথটোত যাতায়াত দুৰ্বিসহ কৰি তুলিছিল৷ ৰাইজে বাৰম্বাৰ এই সন্দৰ্ভত ঠিকাদাৰ গোষ্ঠীক পথটো ধংস নকৰিবলৈ আহব্বান জনাই অহাৰ পিছতো ৰাইজৰ দাবীক গুৰুত্বপূৰ্ণ প্ৰদাণ নকৰা জিঅ কোম্পানীৰ ঠিকাদাৰগৰাকীয়ে বিগত তিনি দিন ধৰি দুৱৰণী আলিৰ মাজ ভাগতেই এটা প্ৰকাণ্ড গাঁত খন্দাৰ কাম আৰম্ভ কৰে ৷ কিন্তু আজি হৰ্ঠাত স্থানীয় ৰাইজে বাৰে বাৰে পথটোত শ্ৰমিকে কি খান্দি আছে, সেয়া ওচৰৰ পৰা প্ৰতক্ষ্য কৰাৰ পিছতেই ৰাইজৰ চকু কঁপালত উঠে ৷ উল্লেখ্য যে, জি কোম্পানীয়ে কেবোল সংস্থাপনৰ নামত যি স্থানত গাঁত খান্দি আছে সেই স্থানৰ তলেদি পাৰ হৈ গৈছে উচ্চ চাপ পৰিবাহী গেছ পাইপ ৷ কোনো ধৰণৰ অগ্নি নিৰ্বাপনৰ সুৰক্ষা যন্ত্ৰ নোহোৱাকৈ খান্দি থকা গাঁতটোৰ গভীৰত ১৫ ফুটতকৈও অধিক প্ৰতক্ষ্য কৰাৰ পিছতেই আতংকৃত হৈ পৰে স্থানীয় ৰাইজ ৷ ঘটনা সন্দৰ্ভত জিলা উপায়ুক্ত, জয়সাগৰ আৰক্ষীক অৱগত কৰাৰ সময়তেই গাঁতৰ গভীৰতাৰ পৰা ওপৰলৈ বোকাৰে লুতুৰি পুতুৰি হৈ অহা শ্ৰমিক ৰূপী কনমাণি শিশুকেইটিক প্ৰতক্ষ্য কৰি আচৰিত হৈ পৰে ৰাইজ আৰু ঘটনাস্থলীত উপস্থিত হোৱা সংবাদকৰ্মী সকল ৷ মাত্ৰ ১৩ ৰ পৰা ১৪ বছৰীয়া বয়সৰ সম্পুৰ্ণ শৰীৰ বোকাৰে লুতুৰী পুতুৰি শিশু শ্ৰমিককেইজন প্ৰতক্ষ্য কৰি লগে লগে ৰাইজে শিশু সুৰক্ষা সমিতিক খবৰ দিয়ে ৷ইফালে শিশুৰ সৰক্ষাৰ ক্ষেত্ৰত দীৰ্ঘ সময় ধৰি সেৱা আগবঢ়াই অহা ফৰিদ ইছলাম হাজৰিকাৰ লগতে বহু কৰ্মকতা ঘটনাস্থলীত উপস্থিত হয় পৰিস্থিতিৰ বুজ লয় ৷শিশু শ্ৰমিকক বিপদজনক কামত নিয়োজিত কৰাৰ খবৰ লাভ কৰি শিশু সুৰক্ষা সমিতি, দণ্ডাধীশ আদিকে ধৰি কেইবাটাও স্বেচ্ছাসেৱী অনুস্থানৰ কৰ্মকতা ঘটনাস্থলীত উপস্থিত বিধিগত ভাৱে আৰক্ষীৰ উপস্থিতিত শিশু কেইটি চমজি লয় ৷ ইফালে স্বেচ্ছাসেৱী অনুস্থান, আৰক্ষী, দণ্ডাধীশ, শিশু সুৰক্ষা সমিতিয়ে যাৱতীয় কাম কাজৰ বাবে সোধা পোচা কৰি থাকোতেই সেই স্থানত কামৰ তদাৰক কৰি থকা চাইড মহৰী গৰাকীৰ বয়সো মাত্ৰ ১৬ বছৰত সোমোৱা বুলি জানিব পাৰি কৰ্মকতা সকলো আচৰিত হৈ পৰে ৷কোনো ধৰণৰ সুৰক্ষা সজুলি, অগ্নিনিৰ্বাপন যন্ত্ৰ অথবা প্ৰাপ্ত বয়স্ক নিৰীক্ষক নোহোৱাকৈ কেইগৰাকীমান ১৩, ১৪ বছৰীয়া নাবালকৰ হাতত ইমান এক বিপদজনক কামৰ দায়িত্ব কি দৰে ঠিকাদাৰী প্ৰতিস্থানটোৱে সম্পাদন কৰি আহিছিল তাক লৈহে সাধাৰণ ৰাইজ আচৰিত হৈ পৰিছে ৷স্মৰ্তব্য যে পুৰ্বৰে পৰা ধংসৰ মুখলৈ গৈ থকা ৰজাদিনীয়া দুৱৰণী আলিটোত জি অৰ কেবোল সংস্থাপনৰ নামত এই ঠিকাদাৰী প্ৰতিস্থানটোৱে ভয়াবহ অৱস্থাৰ সৃষ্টি কৰিলে ৷লোক নিৰ্মাণ বিভাগৰ বিষয়া – কৰ্মচাৰীৰ ৰহস্য জনক ভূমিকা আৰু ৰজাদিনীয়া দুৱৰণী আলিটো সম্পুৰ্ণৰূপে জি অ কোম্পানীৰ ঠিকাদাৰক গতাই দিয়াৰ ফলতেই নিজৰ খেয়াৰ খুচি মতে কেবোল পোঁতাৰ নামত পথটোত শতাধিক বয়িংৰ গাত খান্দি পুণৰ বোকা মাটিৰে পুতি দিলে ৷ফলত পুৰ্বৰ কঠিন গাঠনিটো সম্পুৰ্ণৰূপে ধংস কৰি সামান্য বোকা মাটি পেলাই পথটো তেনেদৰে এৰি থৈ অহাৰ ফলত পুৰ্বৰ বয়িং কৰা স্থান সমুহত সৃষ্টি হল প্ৰকাণ্ড প্ৰকাণ্ড একো একোটা গাঁত ৷পৰিণতিত শেহতীয়াকৈ অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ পানীয়ে সেই গাঁত সমুহ পথৰ সমান কৰি পেলোৱাৰ ফলত সঘনে দুৰ্ঘটনাত পতিত হৈছে যান-বাহনসমুহ৷ দৈনিক আহত হৈছে বহুজন৷ অন্যহাতেদি বিগত তিনিমাহে দুৱৰণী আলিটোৰ ইমুৰৰ পৰা সিমুৰলৈ ধংস কৰি অহা জি অ কোম্পানীৰ ঠিকাদাৰ গৰাকীয়ে ৰজাদিনীয়া পথটোৰ ওপৰত ১৫ ফুটতকৈও অধিক গভীৰতাৰ গাঁতটো কিয় খান্দিলে সেই অদ্য পৰিমিত পোহৰলৈ অহা ৷ঘটনাৰ খবৰ পাই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক ভাস্কৰ বৰগোহাই নেতৃত্বত এটা দল ঘটনাস্থলীত উপস্থিত হয় এই ভয়ংকৰ ধংস কাৰ্য্যৰ বুজ লয় ৷ আটাছুৰ দলটোৱে কেবোল সংস্থাপনৰ নামত কোনো কাৰণতেই ঠিকাদাৰী গোষ্ঠীক আহোম ঐতিহ্যৰ স্বাক্ষৰ বহণ কৰি থকা দুৱৰণী আলি ধংস কৰিবলৈ এৰি দিয়া নহব বুলি স্পষ্ট কৰি দিয়ে ৷সংগঠনটোৱে ৰাজপথৰ কাষত বিপদজনক ভাৱে শিশু শ্ৰমিক নিয়োগ কৰা আৰু ৰজাদিনীয়া পথটোত সম্পুৰ্ণ নীতি বৰ্হিভূত ১৫ ফুট গভীৰতাৰ বৃহত গাঁত খন্দা কাৰ্য্যৰ বিৰোদ্ধে জয়সাগৰ আৰক্ষী চকীত আজি নিশা এখন এজাহাৰ দাখিল কৰাৰ কথা জানিবলৈ দিছে ৷ইফালে ঘটনাস্থলীৰ পৰা গাঁত খান্দি থকা আটাই কেইগৰাকী শিশু শ্ৰমিক প্ৰশাসন – আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছত সেই স্থানৰ প্ৰকাণ্ড গাঁতটো উন্মুক্ত হৈ থকাৰ ঘটনাই আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ৰাইজে বিপজ্জনক-দুৰ্ঘটনাপ্ৰৱণ উক্ত প্ৰকাণ্ড গভীৰ গাঁতটোৰ লগতে পথটোৰ বিভিন্ন স্থানত থকা আন বয়িং কৰি উন্মুক্ত কৈ এৰি অহা গাঁত বোৰ শীঘ্ৰে পুতিবৰ বাবে ৰাইজে জিলা উপায়ুক্তৰ ওচৰত দাবী জনাইছে ৷তেনেস্থলত দিনৰ পোহৰত জি অ কোম্পানীৰ নাবালক শ্ৰমিকে ব্যস্ত পথত খন্দা ১৫ ফুটতকৈও অধিক গভীৰতাৰ গাঁত এটা তেনেকৈয়ে উন্মুক্ত ভাৱে এৰি নিৰিহক মৃত্যুৰ মুখলৈ ঠেলা এই ভয়ংকৰ কাৰ্য্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হব লক্ষণীয় ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান