নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈঠালাংছʼত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট-২

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ সাম্প্ৰতিক সময়ত প্ৰাকৃতিক দুৰ্যোগে সমগ্ৰ বিশ্বৰ মানৱ জীৱনলৈ ভয়াৱহ বিপদ মাতি আনিছে। বিশেষকৈ ভূমিকম্প, বানপানী, জল বিস্ফোৰণ, শিলা বৃষ্টি, ধুমুহা আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিভিন্ন সময়ত জনসাধাৰণে ভয়াৱহ পৰিস্থিতিৰ সন্মূখীন হৈ আহিছে। জনসাধাৰণৰ মাজত উপযুক্ত সচেতনতাৰ অভাৱৰ বাবে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল’ব লগীয়া সাৱধানতাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ ফলত বহুজনৰ জীৱন-সম্পত্তি হানি হৈ আহিছে। এনে ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু নগাওঁ জিলা দুৰ্যোগ প্ৰাধিকৰণৰ সৌজন্যত আজি বৈঠালাংছʼত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট-২ প্ৰদৰ্শন কৰা হয়। নগাওঁ জিলাৰ আগশাৰীৰ সাংস্কৃতিক গোষ্ঠী নগাওঁ অʼপেৰা সাংস্কৃতিক গোষ্ঠীয়ে বৈঠালাছʼৰ মাইচাম পাঁচ আলিৰ দৈনিক বজাৰত বাটৰ নাট প্ৰদৰ্শন কৰে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণে কিদৰে সাৱধানতা অৱলম্বন কৰিব লাগে, এই ক্ষেত্ৰত বাটৰ নাটৰ জৰিয়তে কলা কুশলি সকলে উপস্থিত ৰাইজক অৱগত কৰে। উল্লেখযোগ্য যে অʼপেৰা সাংস্কৃতিক গোষ্ঠীৰ জ্যোতিগগন, ত্ৰিদিপ নন্দন,সোনমনি ডেকা,সৌৰভ বৰুৱা,প্ৰতীক্ষা বৰা আৰু প্ৰিয়া গগৈয়ে উক্ত বাটৰ নাটৰ অভিনেতা অভিনেত্ৰী হিচাপে অংশগ্ৰহণ কৰে। ইফালে উক্ত বাটৰ নাট উপভোগ কৰি স্থানীয় ৰাইজৰ লগতে বৈঠালাংছʼ প্ৰেছ ক্লাবৰ উপদেষ্টা নন্দলাল বৰদলৈ, জেষ্ঠ্য সাংবাদিক হেমন্ত কুমাৰ নাথ, লক্ষী প্ৰসাদ নাথে কলা কুশলি সকলক ভূয়সী প্ৰশংসা কৰে। অʼপেৰা সাংস্কৃতিক গোষ্ঠীটোৱে বৈঠালাংছʼৰ উপৰি কামপুৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু শিঙিমাৰীতো বাটৰ নাট প্ৰদৰ্শন কৰে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like