নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ‍্যমন্ত্ৰীৰ নেতৃত্ব-ত অসমৰ বান সমস‍্যা প্ৰায় নোহোৱা হৈছে : মন্ত্ৰী হাজৰিকা

ওদালগুৰিত মথাউৰিৰ কামৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই

মুখ‍্যমন্ত্ৰীৰ নেতৃত্ব-ত অসমৰ বান সমস‍্যা প্ৰায় নোহোৱা হৈছে : মন্ত্ৰী হাজৰিকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মে ‘ : জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ওদালগুৰিত গোলোণ্ডী নদীৰ পাৰৰ এটা ভঙা মথাউৰিৰ মেৰামতিৰ কামৰ অগ্ৰগতিৰ বুজ লয়। আধুনিক প্ৰযুক্তিৰে অসমৰ বান প্ৰৱণ জিলাসমূহৰ বান প্ৰতিৰোধী আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে জলসম্পদ বিভাগে লোৱা পদক্ষেপৰ ই এটা অংশ।

ভ্ৰমণকালত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূটানৰ পাহাৰৰ পৰা নামি অহা বানপানীয়ে বাৰে বাৰে গোলোণ্ডী নদীৰ মথাউৰি ভাঙি পেলাইছিল, যাৰ ফলত চাৰিওফালৰ অঞ্চলসমূহ প্লাবিত হৈছিল।

তেওঁ কয় যে এই সমস্যাৰ সমাধানৰ বাবে জলসম্পদ বিভাগৰ ওদালগুৰি সংমণ্ডলে নদীখনৰ সোঁপাৰে ৪.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পূৰ্ব নিৰ্মিত মথাউৰি (ৰেডি মেড মথাউৰি) স্থাপন কৰিছে। তেওঁ লগতে কয় যে এই মথাউৰি অধিক শক্তিশালী কৰিবলৈ জিঅ’-বেগ আৰু পৰ্কুপাইনৰে ব‍্যৱহাৰ কৰা হৈছে।

মুখ‍্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বানপানী সমস‍্যা প্ৰায় নোহোৱা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে বাৰিষাৰ পিছত এই স্থানত জিঅ’ মেগা টিউব স্থাপন কৰা হ’ব আৰু দীৰ্ঘম্যাদী বানপানীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পৰ্যায়ক্ৰমে অতিৰিক্ত ব্যৱস্থা লোৱা হ’ব। তেওঁ বাৰিষাৰ পিছত নদীখনৰ বিপৰীত দিশতো এই প্ৰকল্প সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰে, যাৰ ফলত অঞ্চলটোৰ ব্যাপক সুৰক্ষা সুনিশ্চিত হ’ব।

উপস্থিত থকা বিষয়াসকলে মন্ত্ৰীগৰাকীক নিৰ্মীয়মান মথাউৰিটোৰ সম্পৰ্কে আৰু ভৱিষ্যত পৰিকল্পনা বিষয়ে অৱগত কৰে। ইয়াৰ ভিতৰত বাৰিষাৰ সময়ছোৱাত গাঁথনিগত মূল্যায়নৰ বাবে বৰ্তমান স্থাপন কৰা নিৰীক্ষণ ব্যৱস্থাসমূহো অন্তৰ্ভুক্ত। বিভাগটোৱে পৰৱৰ্তী পৰ্যায়ৰ কামৰ পৰিকল্পনা কৰিবলৈ বৰ্তমানৰ আঁচনি সমূহৰ মূল্যায়ন কৰি আছে বুলি জনায়।

মন্ত্ৰীগৰাকীৰ লগত বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ লগতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে।

You might also like