সোণাৰি ভৱানীপুৰ ৰাজহুৱা কবৰস্থান যোৱা পথৰ জৰাজীৰ্ণ অৱস্থা
বিশেষ বার্তা, ১৯ মে : চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ ৯নং ৱাৰ্ড ভৱানীপুৰত থকা ৰাজহুৱা কবৰস্থানলৈ যোৱা একমাত্র মূল পথটো আজিও জৰাজীৰ্ণ হৈয়ে আছে। বিগত দিনকেইটাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পথটো বোকা আৰু পানীৰে উপচি পৰাত কবৰস্থানলৈ যোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজ সমস্যাত পৰিব লগা হৈছে । বৃহত্তৰ অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে সেই কবৰস্থানত নিজৰ আত্মীয়ক সৎকাৰ কৰি আহিছে যদিও কবৰস্থানলৈ যোৱা পথটো জৰাজীৰ্ণ হোৱাত সমস্যাত পৰিব লগা হৈছে । এই সম্পৰ্কত অঞ্চলটোৰ ৰাইজে কেইবাবাৰো স্থানীয় জনপ্ৰতিনিধিকে ধৰি পৌৰসভাক অৱগত কৰি আহিছে যদিও কোনোধৰণৰ সুফল পোৱা নাই বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে । সেয়ে নৱ গঠিত সোণাৰি পৌৰসভাৰ লগতে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক কমদিনৰ ভিতৰতে পথটো নিৰ্মাণ কৰিবলৈ অঞ্চলটোৰ ভুক্তভুগি ৰাইজে আহ্বান জনাইছে ।
প্ৰেৰক : দীপাংকৰ পাল