নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিমাৰীত পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা,  ১ ডিচেম্বৰ : ছয়গাঁও সমষ্টিৰ অন্তৰ্গত মহিমাৰীত আজি জৰাজীৰ্ণ পকী পথ মেৰামতিৰ দাবীত স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে গৰৈমাৰী-লামপাৰা গড়কাপ্টানী পথ সংলগ্ন পুখুৰীপাৰৰ পৰা মহিমাৰীস্থিত মছজিদৰ পকী পথলৈ যোৱা গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ পিছতে জহি-খহি যোৱাত পথচাৰীসকলে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে ৷ পথৰ কেইবাঠাইত পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে, পুখুৰীপাৰৰ পৰা মহিমাৰীলৈ যোৱা গুৰুত্বপূৰ্ণ পথটো মেৰামতিৰ দাবীত স্থানীয় ৰাইজে মহিমাৰীত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে পুখুৰীপাৰৰ পৰা মহিমাৰীলৈ যোৱা ৰাস্তা মেৰামতি কৰক, আমাৰ দাবী মানিবই লাগিব, পুখুৰীপাৰৰ পৰা মহিমাৰীলৈ যোৱা পথটো সবলীকৰণ কৰক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
প্ৰেৰক নুৰুল ইছলাম
You might also like