নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ নলবাৰী সমষ্টিৰ বাঁহজানীৰ এটি গুৰুত্বপূৰ্ণ পথ দীৰ্ঘদিন ধৰি মেৰামতি বা নিৰ্মাণ নকৰাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। অথচ মন্ত্ৰী, বিধায়ক, নেতা, পালিনেতাই গ্ৰামাঞ্চলত উন্নয়ন হোৱা বুলি ৰৌজাল বৌজাল কৰি সভা সমিতিত ডিঙি ফুলাই ভাষন দি আছে। তেনে এটি বিধ্বস্ত পথ হৈছে বাঁহজানীৰ ক্ষুদ্ৰশংকৰা ৮৪২নং এল পি স্কুলৰ পৰা দলেপাৰা হৈ গোসাঁইখাট চুবুৰীৰ শেষলৈ যোৱা পথটো। পথটো এজাক বৰষুণ দিলেই বোকাময় হৈ পৰে। ফলত অঞ্চলটোৰ ৰাইজে যাতায়াতত চৰম দূৰ্ভোগত ভুগিব লগা হৈছে।বৰষুণ হলে বাইক, চাইকেল দূৰৰ কথা খোজ কাঢ়ি অহা যোৱা কৰা কঠিন হৈ পৰিছে। পথটো নিৰ্মাণৰ বাবে বিগত দিনত স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তিনিবাৰকৈ লিখিত আবেদন কৰাৰ লগতে জিলা পৰিষদ,পঞ্চায়ত সভাপতি, আঞ্চলিক সদস্যকো বহুবাৰ অৱগত কৰিছিল যদিও আজিলৈ কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ উঠিছে। মাথো আশ্বাস দিয়ে জনপ্ৰতিনিধি দায় সাৰে বুলিও ৰাইজে ক্ষোভ প্ৰকাশ কৰে।আজি অঞ্চলটোৰ ৰাইজে নিজৰ জেপৰ ধনেৰে মেৰামতি কৰি জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাক ধিক্কাৰ দিয়ে। স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে উন্নয়নৰ ফটা ঢোল বজাই আছে যদিও বাস্তৱ উন্নয়নৰ নগ্ন দিশহে উন্মোচন হৈ আছে। ৰাইজে যাতনা ভুগিলেও কথা চহকী মন্ত্ৰী বিধায়ক, পঞ্চায়ত প্ৰতিনিধি নিজৰ লাভ নহলে সেই অঞ্চলত উন্নয়ন নহয়। তদুপৰি অঞ্চলটোৰ ৰাইজে বিধানসভা, পঞ্চায়ত, লোকসভা নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিছিল যদিও বিজেপি নেতৃত্বাধীন চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ দিশত বিশেষ একো নকৰা বুলি ক্ষোভ ব্যক্ত কৰে। আগন্তুক পঞ্চায়ত, লোকসভা নিৰ্বাচনৰ পূৰ্বে যদি বিধ্বস্ত পথটো নিৰ্মাণৰ ব্যৱস্থা নকৰে ৰাইজে নিৰ্বাচনত বিজেপিক যোগ্য উত্তৰ দিব বুলি সকিয়াই দিয়ে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা