নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ সোণতলী-টুপামাৰী সংযোগী পকীপথৰ বিধ্বস্ত ৰূপ

🔹 স্থানীয় জনপ্ৰতিনিধিৰ ভূমিকাত ক্ষুব্ধ ৰাইজ

নিয়মীয়া বাৰ্তা, ২৬ জুলাই : কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলী-টুপামাৰী সংযোগী পকীপথৰ বিধ্বস্ত ৰূপে এতিয়া জীয়াতু ভোগাইছে নিতৌ সেই পথেৰে অহা-যোৱা কৰা অঞ্চলবাসীক। উল্লেখ্য যে পকী পথটোৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে ক্ৰমাৎ বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে বৃহত্তৰ অঞ্চলটোৰ যাতায়াত। সোণতলী-টুপামাৰী সংযোগী পকীপথটো বৰ্তমান মৰণফান্দত পৰিণত হৈছে। পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ফলত প্ৰতিদিনে সংঘটিত হৈছে সৰু-বৰ পথ দুৰ্ঘটনা। ফলত বহুকেইজন লোক আঘাতপ্ৰাপ্ত হৈছে। এই পকীপথটো পুনৰ নিৰ্মাণ তথা মেৰামতি কৰাৰ বাবে লোকনিৰ্মাণ বিভাগক বাৰম্বাৰ ৰাইজে অনুৰোধ জনায়ো কোনো সুফল নোপোৱাত অৱশেষত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি পথছোৱা মেৰামতি কৰি অত্যাৱশ্যকীয় সেৱা অব্যাহত ৰখাৰ আপ্ৰাণ চেষ্টা কৰিছে। উল্লেখ্য যে অতি শোচনীয় অৱস্থাৰ পকী পথছোৱা কিছুদিন পূৰ্বে হৈ যোৱা বানপানীৰ ফলত বিধ্বস্ত হৈ যোৱাৰ ফলত সোণতলী আৰু টুপামাৰী দুটাকৈ বৃহত্তৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। এই পথছোৱাৰ দুৰৱস্থাৰ কথা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ লগতে লোকনিৰ্মাণ বিভাগৰ বিষয়ববীয়াক জনোৱাৰ পিছতো এইপৰ্যন্ত কোনো গুৰুত্ব নিদিয়াৰ লগতে ব্যৱস্থা গ্ৰহণ নকৰাত হাতে হাতে দা, কোৰ লৈ স্থানীয় লোকে পথছোৱা মেৰামতি কৰি যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছে। স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ লগতে বকোৰ বিধায়িকা নন্দিতা দাসক শীঘ্ৰে পথছোৱা মেৰামতিৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like