নিয়মীয়া বাৰ্তা, ২৪ জুলাই : মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত তিতাতলাত এটা দুৰ্গম পথে সমগ্ৰ অঞ্চলবাসীক জলাকলা খুৱাই আহিছে। ইখনৰ পিছত সিখনকৈ আঁচনিৰ ধন আবণ্টন পোৱাৰ পিছতো পথটোৰ বিধ্বস্ত ৰূপ সলনি নোহোৱা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলবাসীৰ চকু কপালত তুলিছে। উল্লেখ্য যে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত বোৱালগুৰি গাঁও পঞ্চায়তৰ তিতাতলা গাঁৱৰ লোকনিৰ্মাণ বিভাগৰ পৰা বালিপাৰ গাঁৱলৈ প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো পঞ্চায়তৰ যোৱা ৫ বছৰীয়া কাৰ্যকালতে এম জি এনৰেগাৰ অধীনত নিৰ্মাণৰ বাবে দুবাৰকৈ আঁচনিৰ ধন লাভ কৰিছিল। ইয়াৰ পিছতো আজিলৈকে পথটোৰ উন্নয়ন নোহোৱাত এতিয়া গাঁওবাসীৰ লগতে অঞ্চলটোৰ লোকসকলে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে। প্ৰণিধানযোগ্য যে একাঁঠু বোকা ফালি যাতায়াত কৰিব লাগে গাঁওবাসীয়ে। যান-বাহন দূৰৰে কথা, মানুহ, জীৱ-জন্তুৰো এই পথছোৱাত চলাচল কৰাত সমস্যা হৈ পৰিছে। বিশেষকৈ বালিপাৰ গাঁওবাসীৰ লগতে স্কুল-কলেজৰ ছাত্র-ছাত্ৰীসকলে দৈনিক যাতায়াত কৰাত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। একেদৰে ৰোগীক কান্ধত তুলি লৈ যাব লাগে চিকিৎসালয়লৈ। অভিযোগ মতে, বিগত দিনত বোৱালগুৰি গাঁও পঞ্চায়তৰ পৰা পথটো মেৰামতিৰ বাবে দুবাৰকৈ এম জি এনৰেগা আঁচনিৰ অধীনত লাখ লাখ টকা লাভ কৰিছিল যদিও স্থানীয় ঠিকাদাৰে নামমাত্ৰ টকাৰে কাম কৰি সিংহভাগ ধন আত্মসাৎ কৰিছে। যাৰ ফলত দুবাৰকৈ আঁচনিৰ ধন লাভ কৰাৰ পিছতো আজিও গাঁওবাসীয়ে যাতায়াতত দুৰ্ভোগ ভুগিব লগা হৈছে। পথটোৰ এই কদৰ্যময় অৱস্থাত যাতায়াত কৰি গাঁওবাসী অতিষ্ঠ হৈ পৰিছে আৰু পথটো নিৰ্মাণৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক স্থানীয় লোকে সংবাদ মাধ্যমযোগে দাবী জনাইছে।
প্ৰেৰক আবুল কালাম