নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিৰ হেলকাটুপৰ জৰাজীৰ্ণ পথে কন্দুৱাইছে জনতাক

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : সোণাৰি বিধানসভা সমষ্টিৰ এক ভিতৰুৱা গ্ৰামাঞ্চল হেলকাটুপ। সমষ্টিটোৰ চফ্ৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত গ্ৰামাঞ্চলটোৰ এটা জৰাজীৰ্ণ পথ অঞ্চলবাসীৰ বাবে অভিশাপস্বৰূপ হৈ পৰিছে।  উল্লেখযোগ্য যে চফ্ৰাই গাঁও পঞ্চায়তৰ ৫ আৰু ৬ নং ৱাৰ্ড সংযোগী নাহৰ আলিটো ইতিপূৰ্বে পেভাৰ ব্লক দি নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছিল যদিও পথটোৰ প্ৰায় চাৰিশ মিটাৰ অংশ নিৰ্মাণ নকৰাকৈ থোৱাত এই অংশৰ পথছোৱাই গাঁওবাসীক যাতায়াতৰ ক্ষেত্ৰত বাৰুকৈয়ে দুৰ্ভোগ ভোগাই আহিছে। বৰষুণৰ দিনত দূৰৰে কথা, বৰ্ষণশূন্য বতৰতো পথছোৱা খলা-বমাৰ বাবে যাতায়াত কৰাৰ বাবে সম্পূৰ্ণ অনুপযোগী। পথচাৰীৰ বাহিৰে এই পথছোৱাত চাইকেল এখনো চলাই যাব নোৱাৰা হৈ পৰিছে। গোটেই পথছোৱা ভয়াৱহ ৰূপত খলা-বমা হৈ পৰাত ৰোগীক চিকিৎসালয়লৈ নিয়া আৰু কণ কণ ছাত্র-ছাত্ৰীসকল শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰাত অবৰ্ণনীয় হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে । এনে প্ৰেক্ষাপটত এই পথছোৱা শীঘ্ৰে নিৰ্মাণ কৰি এক সুচল যাতায়াতৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ওচৰত সংবাদ মাধ্যমযোগে অনুৰোধ জনাইছে।
প্ৰেৰক দুষ্যন্ত নাথ
You might also like