নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলপুৰৰ বোৰ্কাৰ বন্ধন বেংকত ডকাইতি, লুটিলে লক্ষাধিক টকা

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ কমলপুৰৰ বোৰ্কাত বন্ধন বেংকত ঘটিল ডকাইতিৰ ঘটনা। দুজনীয়া ডকাইতৰ দলটোৱে বেংকত সোমায়ে সন্ত্ৰস্ত কৰি তোলে বেংক কৰ্মচাৰীৰ লগতে গ্ৰাহকক। ইয়াৰ পিছত মোনা এখন কেছিয়াৰলৈ দলিয়াই দি টকা ভৰাবলৈ নিৰ্দেশ দিয়ে। মোনাত টকা ভৰাবলৈ অমান্তি প্ৰকাশ কৰাত শূন্যলৈ গুলীচালনা কৰে এজনে।

এনেদৰে লুটি নিয়ে প্ৰায় ৬ লাখ ৪০ হাজাৰ টকা। জানিব পৰা মতে, বাইকত আহিছিল দুজনীয়া ডকাইতৰ দলটো। বেংক কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে, লোন প্ৰদানৰ কামত ব্যস্ত আছিল বেংকৰ কৰ্মচাৰীসকল। এনেতে এজন লোক ভিতৰলৈ সোমাই আহি পিষ্টল টোঁৱাই চকী-মেছ গুৰিয়াই সকলোকে সন্ত্ৰস্ত কৰি তোলে।

আনজনে ডকাইতে গ্ৰাহক ডেগাৰ দেখুৱাই ভীতিগ্ৰস্ত কৰি ৰাখে। নিমিষতে ঘটা ঘটনাটোক লৈ চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলটোত। উল্লেখ্য চি চি টিভিত বন্দী হোৱা সমগ্ৰ ঘটনাৰ ভিত্তিত স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

You might also like