নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফটকা বর্জন কৰোঁ আহক

ডাঃ চন্দন বৰুৱা

দীপাৱলী পোহৰৰ উৎসৱ৷ দীপাৱলী সুখ, শান্তি আৰু সমৃদ্ধিৰ প্রতীক যদিও বিভিন্ন বস্তু, কাপোৰ, মিঠাই, সোণ–ৰূপৰ গহনা, চাকি আজি ক্রয় কৰাটো দীপাৱলীৰ প্রচলিত নিয়ম৷ কিন্তু এই প্রচলিত নিয়মসমূহতকৈ আজিকালি মানুহে দামী ফট্কা ফুটাই এই উৎসৱ পালন কৰাত অধিক গুৰুত্ব দিয়ে৷ ফলত ফট্কা আৰু ব’মৰ কাণতাল মৰা শব্দও বাঢ়ি গৈছে৷ বেছি শক্তিৰ ব’ম ফুটুওৱাটো কোনো ব্যক্তিৰ বাবে যেন সামাজিক মর্যাদাৰ এটা প্রতীক৷ কিন্তু আটাইতকৈ দুখৰ বিষয় হ’ল– ফট্কাই মানুহৰ দেহৰ, প্রাকৃতিক পৰিৱেশ আৰু জীৱ–জন্তুৰ যে কিমান ক্ষতি কৰে সেই কথা বহুতে নাজানে বা উপলব্ধি নকৰে৷ এই বিষয়ে সজাগতাৰ যথেষ্ট অভাৱ৷
ফট্কা যে কিমান ভয়ানক তাক উল্লেখ কৰা হ’ল৷
ফট্কা স্বাস্থ্যৰ বাবে খুব ক্ষতিকাৰকঃ
১) ফট্কাৰ পৰা নির্গত হোৱা বিষাক্ত গেছৰ ফলত বহুলোকে শ্বাস–প্রশ্বাসজনিত ৰোগত ভুগিব পাৰে৷ হাপানী (এজ্মা) ৰোগীৰ বাবে ই অত্যন্ত ক্ষতিকাৰক৷ নিৰোগী মানুহেও ফট্কাৰ পৰা নির্গত হোৱা ধোঁৱাৰ ফলত নাকৰ এলার্জী, ব্রংকাইটিছ, হাপানী আদি ৰোগত ভুগিব পাৰে৷
২) মৃগী (এপিলেপছি) ৰোগীৰ ক্ষেত্রত ফট্কাৰ শব্দই ঘনে ঘনে কঁপনি (চীজাৰ) আনিব পাৰে৷
৩) খুব তালমৰা বোমাৰ শব্দই কাণৰ যথেষ্ট ক্ষতি কৰে৷ এনেয়ে অনবৰতে কাণৰ ভিতৰত শব্দ শুনি থকা (টিনিটাছ), কাণৰ ভিতৰত ৰক্তক্ষৰণ, কাণৰ পর্দা ফাটি যোৱা আনকি কাণেৰে নুশুনা পর্যন্ত হ’ব পাৰে৷ আইন মতে ১২৪ ডেচিবলৰ শব্দ হোৱা (৪ মিটাৰ দূৰত্বৰ পৰা) ফট্কা বজাৰত নিষিদ্ধ৷ কাৰণ মানুহৰ কাৰণে ৮৫ ডেচিবলৰ শব্দলৈকে সহ্য কৰিব পাৰে৷ তাতকৈ বেছি ডেচিবলৰ শব্দই কাণৰ স্থায়ী ক্ষতি কৰিব পাৰে৷
৪) কেঁচুৱা, গর্ভৱতী মহিলা, ৰোগী, বৃদ্ধ ব্যক্তি আৰু হূদযন্ত্রৰ ৰোগত ভুগি থকা ব্যক্তিৰ বাবে ফট্কাৰ শব্দ বিশেষ ক্ষতিকাৰক৷
৫) ফট্কাৰ শব্দই টোপনিত ব্যাঘাত জন্মায়, ৰক্তচাপ বৃদ্ধি কৰে আৰু উৎকণ্ঠা বঢ়ায়৷ সেইবাবে ৰাতি ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে৷
৬) দীপাৱলীৰ নিশা ফট্কাৰ দ্বাৰা পোৰা (বার্ন) হৈ চিকিৎসালয়সমূহত বহুসংখ্যক লোক ভর্তি হ’ব লগা হয়৷ তাৰ ভিতৰত ল’ৰা–ছোৱালীৰ সংখ্যা প্রাপ্তবয়স্কতকৈ ১১গুণ বেছি৷
৭) ফট্কা, বিশেষকৈ ৰকেটৰ ব্যৱহাৰে চকুৰ জখম কৰে৷ কেতিয়াবা তাৰ বাবে অন্ধ হ’ব লগা হয়৷
৮) তিৰবিৰাই জ্বলা ফট্কা যেনে– ফুলজাৰি, গছ আদিয়ে পিন্ধা কাপোৰ আৰু চুলিত জুই লগাব পাৰে৷
ফট্কাই প্রাকৃতিক পৰিৱেশ ধ্বংস কৰেঃ
১) ফট্কাৰ পোহৰ আৰু শব্দই বতাহ প্রদূষণ কৰে৷
২) দীপাৱলীৰ পাছত সৃষ্টি হোৱা বহু পৰিমাণৰ আৱর্জনা (ৱেইষ্ট)ত কিছুমান বিষাক্ত ৰাসায়নিক দ্রব্য মিহলি হৈ থাকে, যিবোৰ মানুহ, জীৱ–জন্তু, উদ্ভিদ আৰু জলাশয়ৰ কাৰণে বিশেষ ক্ষতিকাৰক৷ এনে ৰাসায়নিক দ্রব্য মাটি আৰু পানীত মিহলি হৈ শাক–পাচলিৰ দ্বাৰা আমাৰ শৰীৰত প্রৱেশ কৰি নানা ৰোগৰ সৃষ্টি কৰে৷
৩) দীপাৱলীৰ পাছত বতাহত প্রদূষণ (এয়াৰ পলিউচন) ৩০ শতাংশ বৃদ্ধি পায়৷ দিল্লী আদি ডাঙৰ চহৰবোৰত ই ৫০ শতাংশলৈ বৃদ্ধি হয়৷ বতাহৰ প্রদূষণে হাঁওফাঁওজনিত ৰোগৰ সৃষ্টি কৰে৷
৪) দেখা পোৱা গৈছে যে বতাহৰ প্রদূষণ বেছি থকা স্থানত বাস কৰা লোকৰ ক’ভিড–১৯ হ’লে তেনে ব্যক্তিৰ অৱস্থা আনতকৈ গুৰুতৰ হয়৷ বতাহৰ প্রদূষণত ভাহি থকা কণিকাবোৰে ক’ভিড–১৯ৰ সংক্রমণো বৃদ্ধি কৰে৷
৫) ফট্কাৰ পৰা নির্গত হোৱা ধোঁৱাই যি কুঁৱলীৰ সৃষ্টি কৰে, তাৰ ফলত পথ দুর্ঘটনা বহুগুণে বৃদ্ধি পায়৷
ফট্কাই জীৱ–জন্তুৰ ক্ষতি কৰেঃ
১) ফট্কাৰ শব্দত জীৱ–জন্তুৱে খুব ভয় খায়৷ জীৱ–জন্তুৰ কাণ খুব সংবেদনশীল বাবে ফট্কাৰ শব্দই শ্রৱণ যন্ত্রৰ স্থায়ী ক্ষতি কৰিব পাৰে৷ কুকুৰবিলাকে ফট্কাৰ শব্দলৈ খুব ভয় কৰে৷ এনে অৱস্থাত ভীতিগ্রস্ত হৈ কুকুৰে মানুহক কামুৰিব পাৰে৷ ৰাতি চৰাইবোৰে ফট্কাৰ শব্দত গছৰ পৰা উৰি যায় আৰু আঘাতপ্রাপ্ত হৈ মৃত্যু হয়৷
বিদেশত নির্মিত ফট্কাঃ
বিদেশত নির্মিত ফট্কাৰ আমাৰ দেশত প্রচলন খুব বেছি৷ এনে ফট্কাবোৰত পটাছিয়াম ক্ল’ৰেট নামৰ এবিধ ৰাসায়নিক দ্রব্য মিহলি হৈ থাকে, যি ফট্কাৰ উজ্জ্বলতা আৰু ৰং আনে৷ পটাছিয়াম ক্ল’ৰেটৰ ব্যৱহাৰ আমাৰ দেশত নিষিদ্ধ৷ পটাছিয়াম ক্ল’ৰেট ছাল, চকু আৰু শৰীৰৰ ভিতৰৰ অংগসমূহৰ বাবে বিষাক্ত দ্রব্য৷ ই বৃক্ক, হাঁওফাঁও, স্নায়ুতন্ত্র আৰু ৰক্তৰ ক্ষতি কৰে৷
ফট্কা বর্জন কৰোঁ আহকঃ
গতিকে সকলো সচেতন নাগৰিকে আলোকসজ্জা, মিঠাই, শুকান–ফল (ড্রাই ফ্রুইট) বিতৰণ, পৰিয়াল আৰু বন্ধু–বান্ধৱৰ লগত ভালকৈ এসাঁজ খোৱা আৰু ফট্কা বর্জন কৰি দীপাৱলীৰ আনন্দ উপভোগ কৰা উচিত৷ নিজৰ কষ্টৰে ঘটা ধন ফট্কাত খৰচ নকৰি কোনো সামাজিক কামত ব্যৱহাৰ কৰি মনৰ যি সুখ আৰু আনন্দ পাব পাৰি, তাক হাজাৰটা ফট্কায়ো দিব নোৱাৰে৷ বিৰাট

You might also like