নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃ সাংবাদিকৰ দুচকীয়া বাহন কূখ্যাত চোৰৰ দলে কাটি টুকুৰা টুকুৰকৈ বিক্ৰী কৰি দিয়াৰ ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই এইবাৰ শিৱসাগৰ আৰক্ষীৰ অহসায়তাৰ সুযোগ লৈ কূখ্যাত চোৰৰ দলে সংঘটিত কৰিলে এক চাঞ্চল্যকৰ লুট পাত কাণ্ড ৷ শিৱসাগৰত পোন প্ৰথম বাৰৰ বাবে অচেতন হোৱা স্প্ৰে প্ৰয়োগ কৰি এটা প্ৰতিস্থিত পৰিয়ালৰ পৰা বৃহত পৰিমাণৰ নগদ ধন সহ কেইবা লক্ষাধীক টকা লুটি নিয়াৰ ঘটনাই সমগ্ৰ শিৱসাগৰ চহৰতেই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চহৰৰ মাজমজিয়াৰ বাণিজ্যিক প্ৰাণ কেন্দ্ৰ ষ্টেচন ছাৰিআলি বিজি ৰোডৰ মাহমুদ হুছেইন কলনিত সংঘটিত হৈছে এই চাঞ্চল্যৰ ঘটনা ৷ যোৱা শনিবাৰৰ নিশা সংঘটিত এই ভয়ংকৰ ঘটনা আজিহে পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ চহৰ খনতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অৱশ্যে ঘটনাৰ সন্দৰ্ভদ শিৱসাগৰ আৰক্ষীয়ে এটা মবাইল ফোন উদ্ধাৰৰ লগতে কেইবা গৰাকী সন্দেহজনক মহিলাক সোধা-পোচাৰ বাবে আটক কৰিছে যদিও অদ্যপৰিমিত লুট কাণ্ডৰ লগত জড়িত চক্ৰটোৰ লগতে কোনো মূল্যবান সা- সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷প্ৰাপ্ত বাতৰি মতে অ এন জি চিৰ অৱসৰ প্ৰাপ্ত বিষয়া পিনাকী দাস গুপ্তাই পত্নী – কন্যা সহ বিজি ৰোডৰ মাহমুদ হুছেইন কলনিৰ দ্বিতীয় মহলাত বাস কৰে ৷পাঁচ মহলা যুক্ত প্ৰায় পঞ্চাশটা অভিজাত পৰিয়ালে ভাড়াতীয়া হিচাবে বাস কৰা পিনাকী দাস গুপ্তাই আন দিনাৰ দৰে শণিবাৰৰ নিশাও ভাত পানী খাই শোৱা পাটীলৈ ৷নিয়মিত পুঁৱতি নিশাতেই শোৱা পাটী এৰি প্ৰাতঃভ্ৰমণলৈ যোৱা দাস গুপ্তাৰ পৰিয়ালটোৱে সেইদিনা পুঁৱা আঠ বজাৰ পিছতহে সাৰ পাইছিল ৷ সাৰ পায়েই বিছনাৰ পৰা উঠিব বিছাৰিও ৰহস্যজনক ভাৱে শৰীৰত এক অজ্ঞাত দুৰ্বলতা অনুভৱ কৰা পিনাকী দাস গুপ্তাৰ পৰিয়ালৰ আন সদস্য সকলেও অনুৰূপ দুৰ্বলতা অনুভৱ কৰে ৷লগে লগেই পৰিয়ালটোৰ সদস্য সকলে আকস্মিক ভাৱে অনুভৱ কৰা ৰহস্যৰ সন্দৰ্ভদ আলোচনা কৰাৰ সময়তেই পৰিলক্ষিত হয় গৃহটোৰ ভিতৰত সিঁচৰিত হৈ পৰি থকা বিভিন্ন সামগ্ৰী ৷ইয়াৰ পিছতেই সম্বিত ঘুৰাই পোৱা পৰিয়ালটোৱে ভালদৰে ঘৰটো পৰ্য্যবেশন কৰাত গডৰেজৰ মূল লকাৰ ভাঙি থকাৰ লগতে মবাইল ফোন তিনিটা অন্তধ্যান হোৱাৰ ওপৰিও খিৰিকীৰ এটা অংশ ভাঙি থকা দেখে ৷ এই দৃশ্য প্ৰতক্ষ্য কৰিয়েই নিশা সকলো মূল্যবান সম্পতি চুৰে তহিলং কৰা বুলি জানিয়েই দেওঁবাৰে দুপৰীয়া শিৱসাগৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ঘটনাৰ পিছৰে পৰাই এক ৰহস্যজনক নিৰাপত্তাহীনতাত ভূগি থকা পৰিয়ালটোত সংঘটিত হোৱা এই ভয়ংকৰ লুটপাতৰ ঘটনাৰ সন্দৰ্ভদ সাংবাদিকে জানিব পাৰি পৰিয়ালটোৱে মূখ খুলিবলৈ অস্বীকাৰ কৰে ৷চৰম নিৰাপত্তাহীনতাত ভূগি থকা পৰিয়ালটোক সংবাদকৰ্মী সকলে অভয় বাণী দিয়াৰ পিছতহে মুখ খুলে কেমেৰাৰ সন্মুখত ৷নৱ নিযুক্ত বেংক কৰ্মচাৰী জীয়াৰী আৰু পত্নী সহ অতি সুৰক্ষিত কলনি খ্যাত মাহমুদ কলনিত কেনেদৰে এই চুৰি কাণ্ড সংঘটিত হল তাক লৈও বহু প্ৰশ্নৰ সৃষ্টি হৈছে ৷অদ্ধ শতাধিক অভিজাত পৰিয়ালে বাস কৰা তথা ২৪ ঘন্টাই চি চি টিভিৰ নিৰীক্ষণৰ লগতে নৈশ চকীদাৰ, বিশাল লোৰ প্ৰৱেশদ্ধাৰ থকাৰ পিছতো কি দৰে চোৰৰ দলে দ্বিতীয় মহলাত প্ৰৱেশ কৰিবলৈ সক্ষম হল তাক লৈও বহু ৰহস্যৰ সৃষ্টি হৈছে ৷আনহাতে চুৰি কাণ্ড সংঘটিত হোৱাৰ পিছতহে পোহৰলৈ আহে যে বিগত এটা মাহ ধৰি চি চি কেমেৰা বিকল হৈ থকাৰ তথ্য ৷দুৰ্ভগীয়া দাস গুপ্তাৰ পৰিয়ালটোৱে জানিবলৈ দিয়া মতে গডৰেজৰ ভিতৰত থকা নগদ পঞ্চাশ হাজাৰ টকাৰ এটা বান্দিল, আন এটা ড্ৰয়াৰত থকা ছয় হাজাৰ টকা, জীয়াৰীৰ বাবে সাজু কৰি ৰখা সোণৰ বাউতী, খাৰু আঠ ডাল, লকেত,আঙুঠি সহ বৃহত পৰিমাণৰ সোণৰ গহণা, পত্নীৰ সোণৰ আ- অলংকাৰ,সহিতে তিনি সদস্যই ব্যৱহাৰ কৰা তিনিটা এনড্ৰইদ মবাইল ফোন লুটি লৈ যায় ৷ঘটনাৰ পিছতেই বেংক কৰ্মচাৰী জীয়াৰীয়ে দুটা দিনৰ পিছত আন এটা নতুনকৈ ক্ৰয় কৰা মবাইলৰ সহায়ত হেৰুওৱা মবাইল কেইটাত থকা ই মেইল আইডি লক আউট কৰাৰ সময়ত এটা মবাইল সক্ৰিয় হোৱাৰ তথ্য লাভ কৰি আৰক্ষীক অৱগত কৰাত সদৰ আৰক্ষীয়ে ৰেলৱে ষ্টেচনৰ সমীপৰ পৰা উক্ত মবাইল ফোনটোৰ লগতে এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় ৷ঘটনাৰ সন্দৰ্ভদ শিৱসাগৰ আৰক্ষীৰ তৰফৰ পৰা কোনো তথ্য সদৰী কৰা নাই যদিও এই চুৰি কাৰ্য্যৰ লগত শিৱসাগৰত ৰঘু মলাৰ দলে বৃদ্ধি পোৱা অৱৈধ ডেম্প সমুহকেই মূলত ৰাইজে জগৰীয়া কৰিছে ৷অভিযোগ অনুসৰি চুৰি – ডকাইতি – লুট পাতৰ অভিকেন্দ্ৰ স্বৰূপ এই ডেম্প সমুহত সম্প্ৰতি আশ্ৰয় লোৱা শ শ সন্দেহজনক ব্যক্তিয়ে সমগ্ৰ চহৰ খনত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷কিন্তু অতি দুৰ্ভাগ্য জনক ভাৱে বিগত প্ৰায় এটা পষেকত অনুৰূপ এনে একাধিক ঘটনা সংঘটিত হোৱাৰ পিছতো শিৱসাগৰ আৰক্ষী চুড়ান্ত ভাৱে এনে ঘটনা প্ৰতিৰোধত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান