ডিজিটেল ডেস্ক, ১৩ জুলাই : তীৰ্থনগৰী হাজোৰ কুলহাটীৰ বাসুদেৱ দেৱালয়ত নিশা সংঘটিত হয় এক চুৰিকাণ্ড। দেৱালয়খনৰ মূল মণ্ডপৰ দুৱাৰ ভাঙি মণিকূটৰ ওপৰৰ সোণৰ অংশটোৰ লগতে দুডাল ৰূপৰ চেইন, কেইবাটাও ৰূপ আৰু সোণৰ বেলপাত চোৰে চুৰ কৰি লৈ যায়।
দেৱালয়খনত সংঘটিত এই চুৰিকাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । হাজো আৰক্ষীয়ে দেৱালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও ঘটনাৰে জড়িত কোনো লোককে বৰ্তমানলৈ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।