নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী আৰক্ষীৰ চিলনী চোৰ গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ বিগত আগষ্ট মাহত ধুবুৰীৰ অধিবক্তা সন্থাৰ কাৰ্যালয়লৈ অহা এজন ব্যক্তিৰ কেইবা লক্ষাধিক টকা চুৰি কৰি পলায়ন কৰা দুজনকৈ চিলনী চোৰক ধুবুৰী আৰক্ষীৰ দলে চুবুৰীয়া পশ্চিমবংগৰ পৰা কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বিগত আগষ্ট মাহৰ ২৮ তাৰিখে ধুবুৰী অধিবক্তা সন্থাৰ কাৰ্যালয়ত সংঘটিত হৈছিল সেই চুৰি কাণ্ড। সিদিনা ধুবুৰী জিলাৰ তামাৰহাটৰ ভাটিপেটলা ২য় খণ্ড গাওঁৰ বাসিন্দা জাবেদ আলী নামৰ ব্যক্তি এগৰাকী কিবা কামত সন্থাটোৰ কাৰ্যালয়লৈ আছিল। সেই সময়ত এজন অজ্ঞাত ব্যক্তিয়ে আলীক তেখেতৰ গাৰ কাপোৰত কিবা লাগি থকা বুলি জনায় আৰু পানীৰে ধুবলৈ উপদেশ দিয়ে। বিশেষ একো আগ-পিছ নাভাবি পানীৰে নিজৰ কাপোৰ ধুবলৈ লওঁতেই সেই অজ্ঞাত ব্যক্তিজনে তেওঁৰ হাতৰ পৰা মোনা এটা তাপ মাৰি উধাও হয়। নিজৰ মাটি বিক্ৰী কৰি পোৱা ১০ লাখ টকা থকা মোনাটো এইদৰে অকষ্মাতে উধাও হোৱা পাই জাবেদ আলী য়ে চিঞঁৰ-বাখৰ কৰে যদিও নিমিষতে উধাও হয় চিলনী চোৰটো। ঘটনা সন্দৰ্ভত ধুবুৰী সদৰ থানাত ভূক্তভোগীয়ে দাখিল কৰা এজাহাৰ মৰ্মে ধুবুৰী অধিবক্তা সন্থাৰ কাৰ্যালয়ত থকা চি চি কেমেৰাৰ ভিডিঅ’ ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে আৰু অৱশেষত যোৱা কালি চুবুৰীয়া পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ভিতৰুৱা গাওঁ ফাটপুকুৰ জংগীপাৰাৰ পৰা সিদিনাৰ চুৰিৰ ঘটনাত জড়িত থকা দুজনকে চিলনী চোৰক কৰায়ত্ব কৰে ধুবুৰী আৰক্ষীৰ এটি দলে। জানিব পৰা মতে ধৃত চিলনী চোৰ দুজন ফাটপুকুৰ জংগীপাৰাৰ অশোক গোপাল (৩৫) আৰু সুজিত গোৱালা (৫১)।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like