নিয়মীয়া বাৰ্তা, ১৩ অক্টেবৰঃ ধুবুৰীত পুনৰ ধন লুটৰ ঘটনা। এইবাৰ দিনৰ পোহৰত চহৰখনৰ এছবিআইৰ মূল শাখাৰ সমীপৰ ব্যস্ততম ৰাজপথৰ দাঁতিত থকা এখন স্কুটিৰ আসনৰ তলা ভাঙি দূৰ্বৃত্তই লুটিলে ২ লাখ টাকা। ভূক্তভোগী পবিত্ৰ দেবনাথ ব্যক্তিগৰাকীৰ ভাষ্য অনুসৰি আজি দুপৰীয়া ধুবুৰীৰ এছবিআইৰ মূল শাখাৰ পৰা ২ লাখ টকা নিজৰ একাউন্টৰ পৰা তুলিছিল। তাৰপিছত ধনখিনি বেংকটোৰ সমীপৰ ৰাজপথত নিজৰ এএছ১৭পি/১০২৫ নম্বৰৰ স্কুটিৰ আসনৰ তলত থকা বাকচত থৈ চাহ খাবলৈ গৈছিল তেওঁ। দেৱনাথে জনোৱা মতে, সামান্য সময় পিছত চাহ খাই উভতি আহি নিজৰ স্কুটিখনৰ আসনৰ ল’ক ভঙা পায় আৰু আসনৰ তলৰ খাপত থকা ২ লাখ টকাৰ বেগটোৰো অন্তৰ্ধান ঘটা দেখে তেওঁ। ধনৰ উপৰিও চুৰি হোৱা বেগটোত বেংকৰ পাচবুক, চেকবুককে ধৰি অন্যান্য গুৰুত্বপূর্ণ নথিপত্ৰ থকা বুলিও জনাইছে তেওঁ। উল্লেখ্য যে, ধুবুৰী চহৰৰ ১নং ৱাৰ্ডস্থিত সেই বেংকটোৰ সমীপৰ ৰাজপথৰ পৰা পূৰ্বেও ধন লুটাৰ ঘটনা সংঘটিত হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে ৰাজপথৰ সেই চকটোৰ পৰা সামান্য আঁতৰত থকা ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আজি জিলাখনৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল প্ৰদান অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ অধ্যক্ষ ৰমেন ডেকাকে ধৰি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়েও। অৱশ্যে চুৰিৰ ঘটনাটোৰ বহু পূৰ্বেই খেলপথাৰত চলি থকা সেই কাৰ্যসূচীৰ সমাপন ঘটিছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী