নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱ গগৈক অভিমন্যু সজাই নগাঁৱত ‘ৰকিৰ অভিমন্যু বধ’

🔹 নগাঁও জিলা কংগ্ৰেছত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত স্পষ্ট

বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : নগাঁৱত প্ৰায় স্পষ্ট হৈ পৰিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। দলীয় নেতা তথা সাংসদ গৌৰৱ গগৈক অভিমন্যু সজাই নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত পোষ্টাৰ আঁৰি দিয়া হয়। যোৱানিশা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু সাংসদ গৌৰৱ গগৈৰ ফটো সম্বলিত এখন পোষ্টাৰ নগাঁও ৰাজীৱ ভৱনত আঁৰি সেই পোষ্টাৰত ‘ৰকিৰ অভিমন্যু বধ’ বুলি লিখি দিয়া হয়। এই কাৰ্যই নগাঁও জিলা কংগ্ৰেছত তুমুল জোকাৰণিৰ সৃষ্টি কৰিছে। উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনৰ বাবে নগাঁও সংসদীয় সমষ্টিৰ পৰা বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন প্ৰাৰ্থিত্বৰ দাবীদাৰ। প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবেই এই কাৰ্য্য সংঘটিত হ’ব পাৰে বুলি নগাঁৱত চৰ্চা চলিছে। অৱশ্যে একাংশ কংগ্ৰেছ নেতাই এই কাৰ্য কংগ্ৰেছৰ বদনামৰ বাবে কোনো দুষ্ট চক্ৰই কৰিছে বুলি মন্তব্য কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like