নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ পূৰ্বে ৰোহিত ভয়ত সন্ত্ৰস্ত অষ্ট্ৰেলিয়ান শিবিৰ

বিশেষ বাৰ্তা, ১ অক্টোবৰঃ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই বহুবাৰ দলৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৰোহিতে ৮১ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল। ২০২৩ চনৰ বিশ্বকাপত তেওঁ টীম ইণ্ডিয়াৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। অষ্ট্ৰেলিয়াৰ খেলুৱৈ মাৰ্নাছ লাবুশ্বানে ৰোহিতক প্ৰশংসা কৰিছে। তেওঁ কয় যে ৰোহিতক ৰান সংগ্ৰহ কৰাত বাধা দিয়াটো কাৰো বাবে সহজ নহ’ব। ইণ্ডিয়া টুডেৰ এক খবৰ অনুসৰি লাবুশ্বানে কয় যে ৰোহিত শৰ্মা এনে এজন খেলুৱৈ যিয়ে কোনো ধৰণৰ ৰিস্ক নোলোৱাকৈ সহজে ৰান সংগ্ৰহ কৰে। এবাৰ ছন্দত সোমাই গ’লে তেওঁক ৰান সংগ্ৰহ কৰাত বাধা দিয়াটো কঠিন হ’ব। শেহতীয়াকৈ টীম ইণ্ডিয়াই এদিনীয়া শৃংখলাত অষ্ট্ৰেলিয়াক ২-১ গ’লত পৰাস্ত কৰিছে। ৰোহিতক প্ৰশংসা কৰাৰ লগতে লাবুশ্বানেও ভাৰতীয় দলটোৰ বিষয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰাজকোট এদিনীয়াত ৰোহিতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ ৮১ ৰানৰ ইনিংছ খেলিছিল। এই মেচখনত ভাৰতে জয়লাভ কৰিছিল। ইয়াৰ পূৰ্বে কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰিছিল ৰোহিতে। তেওঁ ৫৩ ৰানৰ ইনিংছ খেলিছিল। তেওঁ বিশ্বকাপত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণ কৰিব। এই পৰ্যন্ত খেলা ২৫১খন এদিনীয়া মেচত ১০১১২ ৰান সংগ্ৰহ কৰিছে ৰোহিতে। এই সময়ছোৱাত তেওঁ ৩০টা শতক আৰু ৫২টা অৰ্ধশতক অৰ্জন কৰিছে। ৰোহিতৰ এদিনীয়া সৰ্বোত্তম স্ক’ৰ হৈছে ২৬৪ ৰান। উল্লেখ্য যে ৫ অক্টোবৰৰ পৰা আয়োজন কৰা হ’ব বিশ্বকাপ-২০২৩। ইয়াত ভাৰতৰ প্ৰথমখন খেল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। এই খেলখন ৮ অক্টোবৰত চেন্নাইত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত টীম ইণ্ডিয়াই আফগানিস্তানৰ বিৰুদ্ধে খেলিব। এই খেলখন ১ অক্টোবৰত দিল্লীত অনুষ্ঠিত হ’ব। ১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব এই খেলখন। অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে এই মেচখনৰ বাবে।

You might also like