নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰৰ পৰা চুৰি ৰয়েল এনফিল্ড গোসাঁইগাঁৱত উদ্ধাৰ : বাইক চোৰক আটক

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ : গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত সাপকাটা আৰক্ষীয়ে বুধবাৰে এজন বাইক চোৰক আটক কৰে। চোৰ জনৰ পৰা গুৱাহাটীৰ দিছপুৰ এলেকাৰ পৰা চুৰি হোৱা এখন ৰয়েল এনফিল্ড বাইক উদ্ধাৰ কৰিছে বুলি আৰক্ষী সুত্ৰত প্ৰকাশ ৷  জানিৱ পৰা মতে, সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাই এক সুত্ৰৰ ভিত্তিত লাভ কৰা তথ্যৰ আত ধৰি দুই নং বাজুগাঁৱৰ নিৱাসী ফৈজুল শ্বেখৰ পুত্ৰ ইমৰান আলি শ্বেখ (২৬)ক আটক কৰাৰ লগতে তেওঁঁৰ পৰা এ এছ ১৯- ৯৭০৭ নম্বৰ প্লেট লগোৱা ৰয়েল এনফিল্ড বুলেট এখন জব্দ কৰে ৷ আৰক্ষীৰ তদন্তত উক্ত ৰয়েল এনফিল্ড বাইক খনত লগোৱা নম্বৰ প্লেট খন ভূৱা তথা নম্বৰ প্লেট খন এখন স্কুটিৰ হে নম্বৰ প্লেট বুলি নিশ্চিত হয়। ইপিনে ৰয়েল এনফিল্ড বুলেট খনৰ প্ৰকৃত ৰেজিষ্ট্ৰেচন নম্বৰ এ এছ-০১/ ডি এম ৫০৮৫ বুলি তথ্য লাভ কৰাৰ উপৰি জব্দ কৃত বাইক খন যোৱা ২০১৭ চনত দিছপুৰ এলেকাৰ পৰা চুৰি হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে  ৷ উক্ত ৰয়েল এনফিল্ড বুলেট খন চুৰি সম্পৰ্কে ইতিমধ্যে দিছপুৰ থানাত ৩১৯৫/ ২০১৭ ৰ এটি গোচৰ ৰুজু কৰা আছে বুলিও আৰক্ষীয়ে সদৰি কৰিছে।  সম্প্ৰতি আটকাধীন ইমৰান আলি শ্বেখক  গোসাঁইগাঁও থানাৰ জিম্মা প্ৰদান কৰি বাইক চুৰিৰ ঘটনাৰ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিৱ পৰা গৈছে ৷
প্ৰেৰক ৰুবুল পাঠক
You might also like