গুৱাহাটীত RR vs CSKৰ মেচৰ টিকট ছ’ল্ড আউট
গুৱাহাটীত উপস্থিত ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ মাৰ্চঃ চলিত আইপিএলত প্রতিটো দিনতে নতুন নতুন অপ্রত্যাশিত অথচ গৌৰৱৰ অভিলেখত নাম সন্নিৱিষ্ট হৈছে অসমৰ৷ ক্রমাগত তৃতীয়টো বর্ষৰ বাবে অসমত অনুষ্ঠিত হ’ব লগা আইপিএলৰ মেচৰ ৰোমাঞ্চ আৰু উত্তেজনাৰ কাউণ্ট ডাউন চলি থকাৰ সময়তে আৰু এটা অভিলেখ সৃষ্টি হ’ল৷ ৩০ মার্চত এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ মেচখনৰ সকলো টিকট বিক্রী হোৱা বুলি অৱগত কৰিছে ৰয়েলছৰ টিকেটিং পার্টনাৰ বুক মাই শ্ব’ৱে৷ উল্লেখ্য যে প্রথমবাৰৰ বাবে গুৱাহাটীৰ কোনো ক্রিকেট মেচৰ সকলো টিকট বিক্রী হোৱাৰ ঘটনা এইবাৰ আৰআৰ বনাম চিএছকে মেচত সংঘটিত হ’ল৷ ইয়াৰ পূর্বে গুৱাহাটীত আইপিএল, আন্তর্জাতিক টি–২০ তথা এদিনীয়া মেচ অনুষ্ঠিত হৈছিল যদিও কোনো এখন খেলতে ছ’ল্ড আউট সফলতা দর্শকৰ পৰা পোৱা হোৱা নাছিল৷ কিন্তু ৰাজস্থান ৰয়েলছ দলে গুৱাহাটীত ভৰি থোৱাৰ লগে লগে তথা আইপিএলৰ ক্রিকেট যুদ্ধ আৰম্ভ হ’বলৈ ৪৮ ঘণ্টা বাকী থকাত বুকমাই শ্ব’ই ৩০ মার্চত এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ মেচখনৰ সকলো টিকট বিক্রী হোৱা বুলি আনুষ্ঠানিকভাৱে অৱগত কৰিছে৷ ইপিনে, ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ দলটো গুৱাহাটীত উপস্থিত হয়৷ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত উপস্থিত হোৱা ৰাজস্থান দলটোৱে বিমানবন্দৰৰ পৰা পোনে পোনে সোণাপুৰস্থিত মেফায়াৰ হোটেললৈ ৰাওনা হয়৷