নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অসমলৈ আৰএছএছপ্রধান মোহন ভাগৱত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ আজিৰ পৰা পাঁচদিনীয়া ভ্রমণসূচীৰে ২৫ ফেব্রুৱাৰীলৈ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত অসমত উপস্থিত হ’ব৷ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বর্ষ পূর্ণৰ প্রতি লক্ষ্য ৰাখি সৰসংঘচালক ডাঃ ভাগৱতে ভাৰতবর্ষৰ বিভিন্ন প্রান্তত কৰা ভ্রমণসূচীৰ অংশ হিচাপে এয়া অনুৰূপ কার্যসূচী বুলি ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্রান্তৰ প্রচাৰপ্রমুখ কিশোৰ শিৱমে এক প্রেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে৷ সৰসংঘচালক ডাঃ মোহন ভাগৱতে আজি আবেলিৰ ভাগত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা পোনে পোনে গুৱাহাটীৰ বৰবাৰীস্থিত সুদর্শনালয়ত উপস্থিত হ’ব৷ উল্লেখ্য যে সৰসংঘচালক ডাঃ মোহন ভাগৱতে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ শতবর্ষত সংগঠনটোৰ কার্য বিস্তাৰ, কার্য দৃঢ়িকৰণ, শাখাৰ দ্বাৰা সমাজ পৰিৱর্তন আদি বিষয়সমূহ কিদৰে সমাজৰ মাজলৈ নিব পাৰি এহ সন্দর্ভত স্বয়ংসেৱকসকলৰ লগত মত বিনিময় কৰিব৷ আনহাতে, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘই সমাজ পৰিৱর্তনৰ দিশত কৰি অহা পঞ্চ পৰিৱর্তনৰ বিষয়সমূহ যেনে– সামাজিক সমৰসতা, নাগৰিক কর্তব্য, পর্যাৱৰণ, স্বদেশী সামগ্রী ব্যৱহাৰ, কুটুম্ব প্রবোধন আদি বিষয়সমূহ স্বয়ংসেৱকসকলৰ জৰিয়তে সর্বস্তৰৰ ৰাইজৰ মাজলৈ কেনেদৰে লৈ যাব পাৰে তাৰ ওপৰতো তেওঁ বক্তব্য প্রদান কৰাৰ লগতে গুৱাহাটী মহানগৰৰ সংঘৰ দুটা শাখাত উপস্থিত থাকি উক্ত দুয়োটা শাখা টোলীৰ বৈঠকত উপস্থিত থাকিব৷ ২২ ফেব্রুৱাৰীৰ আবেলি আই আই টি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্র সেৱিকা সমিতিৰ এখন বৈঠকত অংশগ্রহণ কৰিব৷ ২৩ ফেব্রুৱাৰীৰ পুৱা সাউকুছিস্থিত ছাউথ পইণ্ট হাইস্কুল চৌহদত ডাঃ মোহন ভাগৱতে এক বৌদ্ধিক কার্যক্রমত উপস্থিত থাকি গুৱাহাটী মহানগৰৰ সহস্রাধিক স্বয়ংসেৱকসকলৰ সন্মুখত বৌদ্ধিক ভাষণ দিব৷ ইয়াৰ উপৰি সৰসংঘচালকগৰাকীৰ এই ভ্রমণসূচীত সংঘৰ প্রচাৰকৰ লগতে আন কেইবাখনো বৈঠকত অংশ ল’ব৷ ২৬ ফেব্রুৱাৰীৰ পুৱা ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতে অৰুণাচললৈ বুলি ৰাওনা হ’ব বুলি প্রান্ত প্রচাৰপ্রমুখ কিশোৰ শিৱমে একেটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে৷

You might also like