নিয়মীয়া বাৰ্তা, ২৮ জুলাই : যোৱানিশা ৯ বজাত বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা পৰিচালিত হোজাই ‘গীতাশ্ৰম’ত উপস্থিত হয় আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত। ‘জেড প্লাছ’ নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰখা আৰ এছ এছৰ মুৰব্বীগৰাকীৰ বৃহৎ ‘কনভয়’ত সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। আনকি বিজেপি নেতাকো গীতাশ্ৰমত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। ‘গীতাশ্ৰম’ৰ চৌহদ কঠোৰভাৱে ‘নো এণ্ট্ৰি জ’ন’ কৰি দিয়া হৈছে। কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰিছে। এক বিশেষ সূত্ৰ মতে, বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা পৰিচালিত উত্তৰ-পূব অঞ্চলৰ হোজাইৰ সৰ্ববৃহৎ ‘গীতাশ্ৰম’ত আৰ এছ এছৰ বিশেষ ‘দ্বিতীয় বৰ্গ’ ৰ প্ৰশিক্ষণ শিবিৰ চলি আছে। এই ‘বিশেষ প্ৰশিক্ষণ শিবিৰ’ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ১৬১গৰাকী ৪০ বছৰৰ ওপৰৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। দ্বিতীয় বৰ্গৰ এই বিশেষ ‘প্ৰশিক্ষণ শিবিৰ’ ১ আগষ্টলৈকে চলিব। আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে আগন্তুক ৩ দিন এই বিশেষ প্ৰশিক্ষণ শিবিৰৰ প্ৰশিক্ষাৰ্থীসকলক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰ মতে জনা যায় যে কাইলৈ বিয়লিলৈ তেওঁ হোজাই গীতাশ্ৰমতে থাকিব।
প্ৰেৰক কিশলয় দেৱ গোস্বামী