নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ২ শতাধিক আৰএছএছ কাৰ্যকৰ্তাৰ পথ সঞ্চালন

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : বিজয়া দশমী উপলক্ষে আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত এক পথ সঞ্চালন কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত পথ সঞ্চালনত ২ শতাধিক আৰএছএছ কাৰ্যকৰ্তাই অংশ লয়। ধুবুৰীস্থ ঝগৰাৰপাৰ ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা সেই পথ সঞ্চালন ধুবুৰী চহৰৰ বিভিন্ন অঞ্চলৰ ৰাজপথ পৰিভ্ৰমণ কৰি পুনৰ ষ্টেডিয়ামত উপস্থিত হোৱাৰ পিছত অন্ত পৰে। উল্লেখ্য যে চহৰখনৰ বিভিন্ন অঞ্চলৰ ৰাইজে স্বতঃস্ফূর্তভাৱে ওলাই আহি উলুধ্বনি আৰু শংখ নিনাদেৰে আৰএছএছৰ পথ সঞ্চালনক সম্পূৰ্ণ মাংগলিক প্ৰথাৰে আদৰণি জনায়। আজিৰ এই কাৰ্যসূচীত আৰএছএছৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ শাৰীৰিক প্ৰমুখ নিৰ্মলেন্দু দে’ই উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like