নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহাৰঘাটত চোৰাং কাঠৰ বাহন জব্দ আৰছুৰ

নিয়মীয়া বাৰ্তা, ১৪ জুলাই : পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন লোহাৰঘাটত যোৱানিশা এখন চোৰাং কাঠৰ বাহন জব্দ কৰে বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই ৷ ছাত্ৰ সংগঠনটোৰ নেতৃত্বই জানিবলৈ দিয়া অনুসৰি, নিশা প্ৰায় ১২ বজাত এক গোপন সূত্ৰৰ পম খেদি মিৰ্জা ৰাজাপাৰা পথৰ লোহাৰঘাটত চোৰাং কাঠৰ নম্বৰ প্লেটবিহীন মেজিক বাহন এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, বাহনখনৰ পৰা এজন লোকক আটক কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বাকী লোকে পলাই সাৰে ৷ ইতিমধ্যে আটকাধীন লোকজনসহিতে চোৰাং কাঠৰ বাহনখন লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ত চমজাই দিয়া বুলি জানিবলৈ দিয়ে আৰছুৰ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক সমিতিয়ে ৷

প্ৰেৰক নুৰুল ইছলাম

You might also like