নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত নাৱৰীয়াই নামানে জল পৰিবহণ আইন

নিয়মীয়া বাৰ্তা, ১৩ জুলাই : আন্ত্যন্তৰীণ জল পৰিবহন বিভাগৰ নীতি নিয়ম উলংঘন কৰি ব্ৰহ্মপুত্ৰৰ বুকুত অবৈধভাবে নিতৌ চলি আছে যাত্ৰীবাহী ভুটভুটি। নথিপত্ৰহীনভাবে যন্ত্ৰচালিত নাও চলা চল কৰি কেৱল আভ্যন্তৰীণ জল পৰিবহন আইন ভংগ কৰাই নহয় নাৱত থাকিব লগা লাইফ জেকট আৰু টিউবকে ধৰি থাকিব লগা নিৰাপত্তাজনিত প্ৰয়োজনীয় সৰঞ্জামসমূহ নাথাকে প্ৰায়বোৰ নাৱত। এনদৰে কেইটামান টকাৰ বাবে যাত্ৰীৰ জীবন আৰু সম্পত্তিৰ সৈতে নাৱৰ মালিক তথা চালকে হেতালি খেলি আহিছে যদিও এইক্ষেত্ৰত অন্ধ ধৃতৰাষ্ট্ৰৰ ভাও জুৰি আহিছে সংশ্লিষ্ট বিভাগটোৰ দায়িত্ববাহীসকলে। তাৰে প্ৰতিপন্ন কৰিছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ চুতিয়াগাঁও পাৰ ঘাট। এই পাৰ ঘাটোত ২০১৭ চনৰ পৰা ৰ্নিবিদাবিহীনভাৱে চলি আছে যাত্ৰীবাহী ভূটভূটিৰ। পাৰঘাটতো অবৈধভাৱে চলা প্ৰায়বোৰ নাৱৰ নাই বৈধ নথি পত্ৰ । নাই ফিটনেচ চাৰ্টিফিকেট। নাৱত নাথাকে থাকিব লগীয়া যাত্ৰী জীবনৰ সুৰক্ষাৰ সৰঞ্জাম । এই গুৰুত্বপূৰ্ণ দিশবোৰ চোবা চিতা কৰা দায়িত্ব জল পৰিবহন বিভাগৰ দায়িত্ববাহীৰ। কিন্তু সেইবোৰৰ প্ৰতি নাই তেওঁলোকৰ ভ্ৰক্ষেপ নাই। অভিযোগ মতে অবৈধ আৰু বিপদ শংকুলভাবে নাও চলাই জল পৰিবহন আইন ভংগকাৰীৰ সৈতে গোপন বুজা বুজিৰে নিজৰ জেপ গৰম কৰি গৈছে একাংশ বিষয়াই । যাৰ বাবে চৰকাৰে পাব লগা কৰৰ পৰা বঞ্চিত হ’ব লগা হৈছে। ইয়াৰ বিপৰীতে বিভাগটোৰ একাংশ বিষয়াই নাৱৰ মালিকৰ লগত গোপন বুজা বুজি কৰি নিজৰ জেপ গধুৰ কৰিছে । চৰকাৰৰ নিমখ খোৱা আভ্যন্তৰিণ জল পৰিবহন বিভাগৰ ধন লোভী বিষয়া-কৰ্মচাৰীয়ে চৰকাৰৰ ৰাজ ভড়ালত সিন্ধি দি অহা কাৰ্য দুৰ্ভগ্যজনক। উল্লখ্য যে লাহৰীঘাটৰ চুতিয়াগাঁও পাৰঘাটৰ পৰা ডিম্বু চৰ পাৰঘাটলৈ দৈনিক বহু কেইখন ভুটভুটি চলে। ব্ৰহ্মপুত্ৰৰ বুকুত চলা এই ভুটভুটিৰে অহাযোৱা কৰে কেইবাশ যাত্ৰী।

প্ৰেৰক আবুল কালাম

You might also like