নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত অৰুণাচলী সুৰাভৰ্তি ট্ৰাকক লৈ ৰহস্য

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰঃ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ সুৰাৰে ভৰি পৰিছে ডিব্ৰুগড়। দশক দশক ধৰি এই গোপন বেহা চলি থকাৰ ফলত ৰাজ্য চৰকাৰে ৰাজহ হেৰুৱাই নহয়,জনজীৱনৰ প্ৰতিও প্ৰবল ভাবুকিৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ ডিব্ৰুগড় দুই ট্ৰাক অৰুণাচলী সুৰা জব্দ কৰি ডিব্ৰুগড়ৰ কোনো গোপন স্থানত লুকুৱাই ৰখাক লৈ ব্যাপক ৰহস্যৰ সৃষ্টি কৰিছে। আনকি বিভাগীয় কতৃপক্ষই এই বিষয়ত কোনো তথ্য প্ৰদান কৰাৰ পৰা বিৰত থকাত আৰু ৰহস্যঘন হৈ পৰিছে। উজনি অসমত আজিও অব্যাহত আছে চোৰাং অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা।অৰুণাচলী সুৰা সৰবৰাহৰ মুকলি কৰিডৰত পৰিণত হৈছে ডিব্ৰুগড়ৰ বগীবিল দলং আৰু তিনিচুকীয়াৰ ঢলা শদিয়া দলং। জানিব পৰা মতে ডিব্ৰুগড়ৰ পৰাই নিয়ন্ত্ৰিত হয় এই অবৈধ অৰুণাচলী সুৰাৰ চোৰাং ব্যৱসায়। অৰুণাচলী সুৰাৰ ৰিবটলিঙ আৰু নতুন লেবেল লগাই উজনিত এক বৃহৎ সুৰা মাফিয়া চক্ৰই দীৰ্ঘ সময়ৰে পৰা অবাধভাবে এই বেহা চলাই অহাৰ অভিযোগৰ লগতে বহু সময়ত আবকাৰী বিভাগৰ জালটো পৰিছে। ডিব্ৰুগড়ৰ আৱকাৰী বিভাগে দুখনকৈ দহ চকীয়া সুৰা ভৰ্তি ট্ৰাক ক্ৰমে আৰ জে-১৪-জিজি-০৮০১  আৰু  ডব্লিউ বি-২৩-পি-৭১৯৯ জব্দ কৰিছে। জানিব পৰা অনুসৰি উক্ত ট্ৰাক দুখনত ২২০০ কাৰ্টুন অৰুণাচলী সুৰা আছে। আবকাৰী বিভাগে দুয়োখন ট্ৰাক লাহোৱালৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত লুকুৱাই ৰখা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে বগীবিল দলঙৰ নিয়মীয়া তালাচীত বগীবিল আৰক্ষীয়ে সুৰা ভৰ্তি ট্ৰাক দুখনৰ ওপৰত সন্দেহ ওপজাত নিয়ম অনুসৰি ডিব্ৰুগড় জিলা আবকাৰী বিভাগক গটাই দিছিল। উক্ত দুয়োখন ট্ৰাক চমজি লৈ বিভাগীয় পৰীক্ষা নিৰীক্ষাৰ অন্তত ৰাখিব লাগিছিল আৱকাৰী বিভাগৰ কাৰ্যলয়ৰ সন্মুখত নতুবা আৰক্ষী থানাত।কিন্তু ট্ৰাক দুয়োখন ডিব্ৰুগড় লাহোৱালৰ Eastern Liquor Private limited নামৰ এটা ব‍্যক্তিগত  কাৰ্যালয়ত ৰহস্যজনকভাৱে ৰখাতো আৱকাৰী আৰু সুৰা মাফিয়াৰে মেনেজ আৰু গোপন বুজাবুজিৰ ষড়যন্ত্ৰ ৰচা বুলি লাহোৱাল বিভিন্ন দল সংগঠনে সন্দেহ প্ৰকাশ কৰিছে।বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই আবকাৰী বিভাগৰ এনে কাযক চোকা ভাষাৰে সমালোচনা কৰিছে।ইফালে সংবাদ মাধ্যমৰ আগত জিলা আৱকাৰী অধীক্ষক বেদাংগ ভূষণ শইকীয়াই নিৰাপত্তা আৰু তদন্তৰ খাতিৰত সুৰা ভৰ্তি ট্ৰাক দুখন লাহোৱালত ৰখাৰ লগতে ইতিমধ্যে গোচৰ তৰা হৈছে বুলি টেলিফোনিক বাৰ্তালাপত জানিবলৈ দিছে। উল্লেখযোগ্য যে, বগীবিল দলঙৰে আৰক্ষীৰ নিয়মীয়া তালাচীৰ পিছতো চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ লগতে বগীবিল দলং একপ্ৰকাৰৰ অৰুণাচলী সুৰা সৰবৰাহৰ কৰিডৰলৈ ৰূপান্তৰিত হোৱাত যথেষ্ট চিন্তনীয় বিষয় হৈ পৰিছে।
প্ৰেৰক বিভাস দুৱৰা
You might also like