নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন পেন্সন নীতি বাতিল আৰু পুৰণা পেন্সন নীতি বাহাল ৰখাৰ দাবীত ৰূপহীহাটত কৰ্মবিৰতি পালন

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে ৰূপহীহাটতো শিক্ষক-কৰ্মচাৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰূপহীহাটত সদৌ অসম এন পি এছ চৰকাৰী কৰ্মচাৰীয়ে নিজৰ নিজৰ কৰ্মস্থলীত দিনজোৰাকৈ সম্পূৰ্ণ ৰূপে কৰ্ম বিৰতি পালন কৰে। চৰকাৰে নতুনকৈ যি পেঞ্চন নীতি প্ৰৱৰ্তন কৰিব বিচাৰিছে তাত বহুতো আসোঁৱাহ আছে বুলি দাবী কৰিছে কৰ্মচাৰীসকলে ৷ যাৰ বাবে এন পি এছ বাতিল কৰি পুৰণা পেঞ্চন নীতি অপিএছ বাহাল ৰাখিবলৈ চৰকাৰলৈ আহ্বান জনায় ৷ নতুন পেঞ্চন নীতিয়ে কৰ্মচাৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিব বুলি আশংকা প্ৰকাশ কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰাখি কৰ্মচাৰীৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰিবলৈ চৰকাৰলৈ আহ্বান শিক্ষক কৰ্মচাৰীসকলে । ইফালে চৰকাৰে পেঞ্চন নীতি সন্দৰ্ভত যি দুমুখীয়া স্থিতি লৈছে তাৰো বিৰোধ কৰে ৰূপহী আঞ্চলিক কৰ্মচাৰী পৰিষদে । আজি ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডি জি চি হাইস্কুল(ছিনিয়ৰ মাদ্ৰাছা)কে ধৰি বিভিন্ন কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে৷ আনহাতে এই কৰ্মবিৰতিৰ সময়ছোৱাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল পাঠদানৰ পৰা বঞ্চিত হয় ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like