নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত চিয়াঙৰ বুকুত চোৰাং কাঠ ব্যৱসায়ীক লক্ষ্য কৰি বনবিভাগৰ গুলীচালনা

চিয়াংৰ বুকুৱেদি চোৰাংকৈ কাঠ নি থকা সময়ত সংঘটিত এই ঘটনা

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: জোনাইত গুলীচালনাৰ দৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ( ৷ চোৰাং কাঠৰ ব্যৱসায়ীক লক্ষ্য কৰি বনকৰ্মীয়ে গুলীচালনা কৰে যদিও পলাই সাৰে চোৰাং সৰবৰাহকাৰীকেইটা ৷ জোনাইত যোৱা কালি সন্ধিয়া চোৰাং কাঠ ব্যৱসায়ীক লক্ষ্য কৰি জোনাই বনবিভাগে গুলীচালনা কৰে৷ জোনাই বন বিভাগৰ এটা দলে চিয়াঙ নদীত তহল দি থকা সময়ত নদীৰ মাজত ইঞ্জিন চালিত নাৱেৰে চাঙি সাজি চোৰাংকৈ কাঠ নি থকা দেখা পাই বন বিভাগৰ দলটোৱে নাৱখন ৰখোৱৰ চেষ্টা কৰি যদিও চোৰাং কাঠ ব্যৱসায়ীৰ দলটোৱে কাঠ সমূহ তাতে এৰি দি পলাবলৈ ধৰাত বনবিভাগৰ দলটোৱে চোৰাং চিকাৰীৰ নাৱখনলৈ লক্ষ্য কৰি প্ৰায় ৬ জাই গুলীচালনা কৰে৷ ইয়াৰ পিছতো কিন্তু চোৰাং চিকাৰীৰ দলটোৱে ইঞ্জিন চালিত নাৱঁ লৈ পলায়ন কৰিবলৈ সক্ষম হয়৷

চিয়াং নদীৰ বুকুৱেদি প্ৰায়ে চোৰাং কাঠ ব্যৱসায়ীয়ে ইঞ্জিন চালিত নাৱলৈ চোৰাং কাঠ প্ৰায়ে সৰবৰাহ কৰি থাকে৷ অসম-অৰুণাচল সীমান্তৰ পূৱ চিয়াং জিলাৰ বিভিন্ন বনাঞ্চলৰ লগতে জোনাইৰ সংৰক্ষিত পবা বনাঞ্চলৰ পৰা চোৰাংকৈ গছ কাটি একাংশ দুষ্কৃতিকাৰীয়ে বন ধ্বংস যজ্ঞ চলাই । জোনাইৰ চিয়াং নদীৰ বুকুত দিন দুপৰতে একাংশ দুষ্কৃতিকাৰীয়ে কেচা কাঠৰ কুণ্ডা ভুৰ সাজি মুকলিকৈ ডিব্ৰুগড়, যোৰহাট আদিলৈ চলাইছে চোৰাং কাঠৰ বেহা। অৱশ্যে এনে দৃশ্য এদিনৰ নহয়, চিয়াংৰ বুকুত দৈনিক সুলভ এনে দৃশ্য। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন বজাৰত কাঠ কটা মেচিনসমূহ অতি কম মূল্যতে উপলব্ধ হয় ৷ ইয়াৰ ফলত একাংশ চোৰাং কাঠকটীয়াই ইয়াৰ সুযোগ বুজি কাঠ কটা মেচিনসমূহ সহজতে ক্ৰয় কৰিব পাৰে ৷ যদি এই ধৰণেই কাঠ কটা মেচিনসমূহ উপলব্ধ হৈ থাকে তেনেহ’লে অভয়াৰণ্য কৰ্তৃপক্ষই যিমানেই ব্যৱস্থা নলওক কিয় বনাঞ্চলৰ ধ্বংস যজ্ঞ চলিয়েই থাকিব ৷ চৰকাৰে যন্ত্ৰ চালিত কাঠ কটা কৰত বন্ধ কৰা অথবা বিক্ৰী কৰাৰ সময়ত অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিলেহে চোৰাং ভাৱে গছ কটা বন্ধ কৰবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে বনাঞ্চলখনৰ দাঁতি-কাষৰীয়া লোকসকলে

You might also like