ৰণজিত কুমাৰ নাথৰ প্ৰতিবেদনঃ জীৱন নামৰ শব্দটোৰ সতে মুখামুখি হোৱাৰ পৰাই প্ৰত্যাহ্বান যাৰ আজন্ম লগৰী। সেয়ে সংগী হিচাপে বাছি ল’বলৈ বাধ্য হৈছিল এখন “হুইল চেয়াৰ”। এই “হুইল চেয়াৰ”ৰ বুকুত বহিয়েই এতিয়া জীৱনক জয়ী কৰাৰ দূৰ্বাৰ হেপাহৰ সপোনমুখী যাত্ৰাক বাস্তৱিক কৰি তোলাৰ পথত আগবাঢ়ি গৈছে দৰঙৰ ৰূপশিখা নাথ নামৰ যূৱতী গৰাকী।জীৱনৰ বাটত সন্মুখীন হোৱা জটিল পৰিস্হিতিয়েও কোনো মুহুৰ্ততে তলাব নোৱাৰা মেধাবী ছাত্ৰী গৰাকীয়ে হুয়ল চেয়াৰত বহিয়েই শেহতীয়া ভাবে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত শতকৰা ৭১.১০ নম্বৰৰে উত্তীৰ্ণ হৈ প্ৰমাণ কৰি দেখুৱালে দূৰ্বাৰ হেপাহে কেনেদৰে ওফৰাব পাৰে জীৱনলৈ অহা প্ৰত্যাহ্বান।কেৱল ইমানেই নহয় মহাবিদ্যালয়ৰ অধ্যাপকৰ পদৰ বাবে যোগ্যতা নিৰূপণৰ ৰাষ্ট্ৰীয় ভিত্তিত অনুষ্ঠিত কৰা পৰীক্ষা চমূকৈ নেট পৰীক্ষাতো উত্তীৰ্ণ হৈ এতিয়া হেঁপাহ আৰু আকাংক্ষাৰ ক্ষণ গণিছে এই গৰাকী বিশেষ ভাবে সক্ষম মেধাবী ছাত্ৰীয়ে।লক্ষণীয় যে মঙলদৈ জ্যোতিনগৰ নিবাসী আৰক্ষী বিভাগত কৰ্মৰত কমলেশ্বৰ নাথ আৰু একে বিভাগতে কৰ্মৰত হেমন্তী নাথৰ কনিষ্ঠা সন্তান ৰূপশিখা নাথ এগৰাকী বিশেষ ভাবে সক্ষম ছাত্ৰী।শৰীৰৰ নিম্নাংশ ইমানেই দূৰ্বল যে জন্মৰ পৰাই খোজ কাঢ়িব নোৱাৰে ৰূপশিখাই ।আনকি বাওঁহাত খনো দূৰ্বল হোৱা বাবে উক্ত হাতখনো একেবাৰে অচলৰ লেখীয়াই।কোনো ধৰণৰ বস্তু উঠোৱা -মেলোৱাকে ধৰি নিত্য প্ৰয়োজনীয়ও একোকে কৰিব নোৱাৰে উক্ত হাতখনেৰে।যাৰ পৰিপ্ৰেক্ষিতত এখন হুয়ল চেয়াৰকে আজন্ম সংগী হিচাপে লৈ পল অনুপলকৈ পাৰ কৰি আহিছে প্ৰতিটো ক্ষণ। কিন্তু শৰীৰ দূৰ্বল হ’লেও প্ৰচুৰ মানসিক শক্তিৰ অধিকাৰী এই বিশেষ ভাবে সক্ষম যূৱতী গৰাকী। সেয়েহে ৰূপশিখাৰ আশ্ৰয় বুলিবলৈ কেৱল হুইল চেয়াৰ আৰু সংগী বুলিবলৈ বিছনাখন হোৱাৰ পিছতো জীৱনৰ প্ৰতি নাই কোনো খেদ।নিৰাশাৰ হুমুনিয়াহে কোনোদিনেই ভাগৰুৱা কৰিব নোৱাৰাকৈ মানসিক শক্তিৰ অধিকাৰী ৰূপশিখা।চকুৱে মুখে জীৱনক জয়ী কৰাৰ দুৰ্বাৰ হেপাহ আৰু মুখত অনবৰতে লাগি থকা এটা মিঠা হাহিৰে সফলতাৰ জখলাৰ প্ৰতিটো ঢাপেই এটা এটাকৈ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে!লক্ষণীয় যে ৰূপশিখাৰ পিতৃ আৰু মাতৃ দুয়োগৰাকী আৰক্ষী বিভাগৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগত কৰ্মৰত হোৱাৰ পিছতো কোনো দিনে কন্যাৰ প্ৰতি থকা দায়িত্বত ক্ৰুটি ৰখা নাই। মৰমৰ জীয়ৰীক হাতত ধৰি ধৰিয়েই লৈ গ’ল জীৱনৰ সকলো খলা বমা। উল্লেখযোগ্য সাফল্যৰ এটা ঢাপত অৱতীৰ্ণ হ’লেও কিন্তু ৰূপশিখাৰ পথ আছিল যথেষ্ট কণ্টকময়। পিতৃ মাতৃ আৰু পৰিয়ালৰ একান্ত সহযোগত মঙলদৈৰ ভূপেন্দ্ৰ নাৰায়ণ দেৱ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫ টা বিষয়ত লেটাৰ নম্বৰসহ ৭৯.৬৭ শতাংশত উতীৰ্ণ হৈ নামভৰ্তি কৰে মঙলদৈৰ ব্ৰিলিয়েন্ট একাডেমীত।পৰিয়ালৰ তত্বাৱধানত বিদ্যালয়লৈ অহা যোৱা কৰিয়েই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ নম্বৰসহ ৭৩.৮৬ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল ৰূপশিখা। এয়া ৰূপশিখাৰ দৰে এগৰাকী ছাত্ৰীৰ বাবে কোনো কাৰণতে উলাই কৰিব পৰা নম্বৰ নাছিল।কাৰণ প্ৰতিটো দিন পাৰ হৈছিল প্ৰত্যাহ্বানৰ মাজেৰে। কিন্তু স্নাতক শ্ৰেণীত নাম ভৰ্তি কৰাৰ পিছত প্ৰত্যাহ্বান আৰু বাঢ়িলহে।কাৰণ মহাবিদ্যালয়ৰ শ্ৰেণী সমুহ এটা কোঠাতেই সীমাবদ্ধ নাথাকে। কিন্তু ৰূপশিখাৰ প্ৰচুৰ মনোবলে তাৰো উপায় উলিয়ালে।শ্ৰেণী কোঠাত যেতিয়া এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে পাঠদানৰ বাবে সাজু হয় তেতিয়াই মবাইলৰ জৰিয়তে সংযোগ হয় ৰূপশিখাৰ লগত। নিৰ্দিষ্ট বিষয়ৰ অধ্যাপক বা অধ্যাইকাই শ্ৰেণী কোঠাত পাঠদান কৰি থকাৰ সময়ত ৰূপশিখাই মবাইলটো কাণত লৈ আয়ত্ব কৰি যায় পাঠ। অৱশ্যে এইক্ষেত্ৰত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সকলৰ পৰা লাভ কৰা সহযোগিতা আৰু উৎসাহ সদায়েই স্বীকাৰ কৰে। আৰু এনেদৰেই মঙলদৈ মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ক গুৰু পাঠ্যক্ৰম হিচাপে লৈ ৮১.৫৪নম্বৰেৰে কৃতিত্ব সহকাৰে স্নাতক শ্ৰেণী উত্তীৰ্ণ হয় ৰূপশিখা। কিন্তু ৰূপশিখাই নিজৰ শৈক্ষিক যাত্ৰা ইমানতেই অন্ত পেলাব নুখুজিলে।হাজাৰ প্ৰতিবন্ধকতা থাকিলেও আগবাঢ়ি যোৱাৰ দৃঢ় সংকল্পেৰে ৰূপশিখা সাজু হ’ল উচ্চ শিক্ষা গ্ৰহণৰ বাবে। ৰূপশিখাৰ মনৰ একান্ত ইচ্ছা আছিল দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ। কিন্তু যি গৰাকী ছাত্ৰী হুয়ল চেয়াৰ অবিহনে সামান্য ইফাল সিফালেই কৰিব নোৱাৰে, তাকো পিতৃ মাতৃ দুয়োগৰাকীয়েই আৰক্ষী বিভাগত কৰ্মৰত তেনে এগৰাকী ছাত্ৰীৰ বাবে এই আকাংক্ষা কেৱল মুখৰ কথাতেই সীমাবদ্ধ নাছিল। পিতৃ মাতৃয়ে এইক্ষেত্ৰত জীয়ৰীৰ ইচ্ছাক প্ৰাধান্য দিও থমকিব লগীয়া হৈছিল।কিন্তু এই গৰাকী মেধাৱী ছাত্ৰীৰ লক্ষ্য পুৰণৰ ক্ষেত্ৰত যেন বিশেষ ভাবে সহায় আগবঢ়ালে সেই সময়ৰ অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।ৰূপশিখাৰ দৰে এগৰাকী বিশেষ ভাবে সক্ষম যূৱতীৰ সংগ্ৰামী সফলতাৰ কাহিনী অবগত হৈয়েই ৰূপশিখাৰ মঙৰদৈস্হ গৃহত আহি উপস্থিত হৈছিল সঞ্ছালক প্ৰধান গৰাকী।আৰক্ষী সঞ্ছালক প্ৰধান গৰাকীয়ে বিশেষ ভাবে সক্ষম ৰূপশিখাৰ প্ৰজ্ঞা আৰু সাধনাত যথেষ্ট অভিভুত হৈ পৰে আৰু ৰূপশিখাৰ মাতৃৰ বাবে ছুটি মঞ্জুৰৰ ব্যৱস্থা কৰি দিয়ে। আৰু এনেকৈয়ে এটা নতুন সপোন লৈ মাতৃৰ হাতত ধৰি পালেগৈ ৰাজ ধানী চহৰ।আকৌ ৰূপশিখাৰ আৰম্ভ হল আন এক শৈক্ষিক যাত্ৰা।নাম ভৰ্তি কৰিয়েই ক্ৰয় কৰা হুয়ল চেয়াৰখনকেই সাৰথি কৰিয়েই আৰম্ভ কৰিলে পাঠ গ্ৰহণ। এনেদৰে প্ৰথম ষন্মাষিক পাৰ কৰাৰ পিছতে দিল্লীৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ পৰা ৰূপশিখাই লাভ কৰিলে এখন বৈদ্যুতিক চালিত হুয়ল চেয়াৰ। তেতিয়াৰ পৰা অন্তত সাৰথি নোহোৱাকৈ নিজেই হুয়ল চেয়াৰ খন লৈ শ্ৰেণী কোঠালৈ যাব পৰা হ’ল ।আনকি ইফাল সিফালো কৰিব পৰা হ’ল। ইফালে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সমান্তৰালকৈ ৰূপশিখাই প্ৰস্তুতি কলেজ শিক্ষকৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যোগ্যতা নিৰূপণ কাৰী পৰীক্ষা (নেট)ৰ বাবেও। পৰিস্হিতিৰ ওচৰত আত্ম সমৰ্পণ নকৰাকৈ প্ৰত্যাহ্বানৰ মজেৰেও ৰূপশিখা নামৰ ছাত্ৰী গৰাকীৰ সংগ্ৰামী যাত্ৰাই বিশ্ববিদ্যালয়ৰ খনৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে সহপাঠী সকলৰো দৃষ্টি আকৰ্ষণ কৰিলে।সকলোৰে মৰম চেনেহবোৰ যেন আৰ্শীবাদ হৈ উপচি পৰিল আৰু প্ৰত্যাশিত ভাবেই একেলগে দুটাকৈ শৈক্ষিক ডিগ্ৰী সংযোগ হ’ল ৰূপশিখাৰ শিক্ষা জীৱনত্। এগৰাকী যূৱতীৰ মনৰ হেপাহ কিমান দূৰন্ত হলে মানুহে নিজৰ জীৱনটোকেই এনেদৰে এটা সাধনালৈ পৰিণত কৰিব পাৰে তাৰেই যেন এক নিদৰ্শন হৈ পৰিছ দৰঙৰ এই গৰাকী বিশেষ ভাবে সক্ষম মেধাবী ছাত্ৰী গৰাকী। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল জীৱন নামৰ শব্দটোৱেই যাৰ বাবে প্ৰত্যাহ্বান, পৃথিৱীত ওপজিয়েই যি প্ৰতিনিয়ত সন্মুখীন হৈ আহিছে প্ৰত্যাহ্বানৰ সেই গৰাকী ৰূপশিখাই জীৱনটোক ইমান ইতিবাচক ভাবে গ্ৰহণ কৰিছে যে কোনো সময়তে মুখৰ হাহিটো ম্লান হ’বলৈ দিয়া নাই।আনকি নিজক লৈও কোনো কাৰণতে অসন্তুষ্ট নহয় ৰূপশিখা। ৰূপশিখাৰ মতে পৃথিৱীৰ কোনো ব্যক্তি সম্পূৰ্ণ সুখী নহয়। সকলোৰে জীৱনত অলপ হ’লেও দুখ বেদনা আছে সেয়ে বাহ্যিক দৃষ্টিৰে কোনো এজন ব্যক্তিক নিৰূপণ কৰা উচিত নহয়।ৰূপশিখাৰ স্পষ্ট কথা-“প্ৰকৃততে হাঁহি কান্দোন, পোৱা নোপোৱাৰ সমষ্টিয়েই হল জীৱন। আমি নেদেখাজনৰ জৰিয়তে যেনেদৰেই জন্মিছো, তাতেই সন্তুষ্ট হৈ জীৱন উদযাপন কৰিব লাগে। আমাক কাৰো অনুগ্ৰহ নালাগে। আমাক লাগে সম মৰ্যদা।”। সুযোগ পালেই এনেদৰে মনৰ ইতিবাচক দৃষ্টি ভংগী প্ৰকাশ কৰি নিজৰ লগতে আনকো উদ্বুদ্ধ কৰা ৰূপশিখাই নিয়মীয়া বাৰ্তাৰ সন্মুখতো একেদৰেই প্ৰকিশ কৰিলে নিজৰ দৃঢ়তা।আনকি কলে এটা কৰ্ম সংস্থাপনৰ বাবে যোগ্যতা অৰ্জন কৰিছে যদিও কেৱল নিজৰ বাবে এটা চাকৰি কৰাৰ পৰিবৰ্তে সমাজখনৰ বাবে কিবা এটা কৰাৰ হাবিয়াস বান্ধিছে।নিজৰ দৰে লোকসকল যাতে কেতিয়াও অৱহেলাৰ বলি হ’ব নালাগে তাৰ বাবে কিবা এটা কৰাৰ সপোন লৈ ৰূপশিখাই নিজৰ ঘৰৰ পৰাই প্ৰস্তুতি চলাইছে প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে ।ৰূপশিখাৰ আশা আজিও সমাজৰ আৰত থকা ৰূপশিখাৰ দৰে লোক সকল আগবাঢ়ি আহক। মৰ্যাদা সহকাৰে জীয়াই থকাৰ এক পৰিবেশ সৃষ্টি হওক।প্ৰত্যাহ্বানকো নেওচি এক নতুন সপোন লৈ আগবঢ়া ৰূপশিখাৰ সপোনবোৰ উজ্বলি উঠক, এতিয়া এই কামনা মেধাৱী ৰূপশিখাৰ প্ৰতি গৰাকী শুভাকাংক্ষীৰে।