নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ হেতা-ওপৰা

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ নগৰবেৰা উঃ মাঃ বিদ্যালয়ত অনুষ্ঠিত হয় ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে প্ৰবেশ পৰীক্ষা (এন্ট্ৰেন্স)৷ ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অনুষ্ঠিত হয় এই পৰীক্ষা৷ বিদ্যালয়খনত নামভৰ্তিৰ বাবে আজি শিক্ষাৰ্থী আৰু অভিভাৱকৰ যথেষ্ট ভিৰ হয়। ভিন্নস্থানৰ পৰা শ শ ছাত্ৰ-ছাত্ৰীৰ সমাগম হয়। স্মৰ্তৱ্য যে পূৰ্বৰে পৰাই স্কুলখনৰ প্ৰতিটো শ্ৰেণীতে শতাধিক ছাত্ৰ-ছাত্ৰী। নৱম শ্ৰেণীত নামভৰ্তিৰ বাবে আহে ৭২গৰাকীকৈ ছাত্ৰছাত্ৰী একেদৰে অষ্টম শ্ৰেণীৰ বাবে ৪৭গৰাকী সপ্তম শ্ৰেণীৰ বাবে ৫২গৰাকী আৰু ষষ্ঠ শ্ৰেণীৰ বাবে আহে ১১২গৰাকীকৈ ছাত্ৰ-ছাত্ৰী৷ উপায়হীন হৈ অধ্যক্ষ ধনেশ্বৰ দাসে প্ৰবেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়৷ স্মৰ্তৱ্য, কেবাখনকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় থকা সত্বেও এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে এনে হেতাওপৰাই নিঃসন্দেহে শিক্ষানুষ্ঠানখনৰ জনপ্ৰিয়তা আৰু শৈক্ষিক সফলতাৰেই ইংগিত বুলিব পাৰি। সকলোৰে দৃষ্টিত চৰকাৰী বিদ্যালয়ৰ বাবে এক ইতিবাচক খবৰ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like