নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰত পুনৰ ৰাছেল ভাইপাৰৰ আতংক

বিশেষ বাৰ্তা, ২ আগষ্ট : তেজপুৰৰ বিহগুৰিত আজি অতি বিষাক্ত সাপ ৰূপে পৰিচিত ৰাছেল ভাইপাৰ নামৰ সাপবিধ উদ্ধাৰ কৰা হৈছে। সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে সাপডাল উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। ঘটনাৰ বিবৰণী অনুসৰি, আজি পুৱা শোণিতপুৰৰ বিহগুৰিৰ সেনা ছাউনিৰ কাষত থকা এখন পথাৰত ধ্ৰুৱজ্যোতি বৰুৱা নামৰ লোকজনে প্ৰথম প্ৰত্যক্ষ কৰে সাপডাল। ধ্ৰুৱজ্যোতি বৰুৱাই প্ৰথমে সেই সাপবিধ অজগৰৰ পোৱালি নে ৰাছেল ভাইপাৰ সেই কথা নিশ্চিত হ’বৰ কাৰণে সাপটোৰ ভিডিঅ’ সংগ্ৰহ কৰি সৰ্প বান্ধৱ সৌৰভ বৰকটকীলৈ প্ৰেৰণ কৰে আৰু উক্ত সাপডাল বৰকটকীয়ে ৰাছেল ভাইপাৰ বুলি চিনাক্ত কৰাৰ লগতে কিছু সময়ৰ পিছতেই উক্ত স্থানলৈ গৈ সাপডাল উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছতেই বৰকটকীয়ে বন বিভাগক পৰামৰ্শ দি কয়, সাপডাল চিৰিয়াখানাত সংৰক্ষণ কৰি ৰখাটো সঠিক সিদ্ধান্ত হ’ব। অসমৰ বনাঞ্চলত ইয়াক ৰাখিলে ইয়াৰ বংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ অধিক বংশ বৃদ্ধিয়ে জনাঞ্চলতো প্ৰভাৱ পেলাব। উল্লেখ্য যে ২০২৩ বৰ্ষতে তেজপুৰৰ বিহগুৰিত ৰাছেল ভাইপাৰ শোণিতপুৰৰ এই অঞ্চলতে উদ্ধাৰ কৰিছিল অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে। এই অঞ্চলতেই ৰাছেল ভাইপাৰ সাপৰ দংশনত মৃত্যু হৈছিল তন্ময় কেওট নামৰ শিশুটি। ৰাছেল ভাইপাৰৰ দংশনত অসমত প্ৰথমবাৰৰ বাবে মৃত্যু হোৱা লোকজনেই আছিল তন্ময় কেওট নামৰ শিশুটি। সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে দিয়া তথ্যমতে এতিয়ালৈকে তেজপুৰৰ বিহগুৰি, বঙাইগাঁও, চিৰাঙৰ অঞ্চলৰ বাদে অসমৰ ক’তো প্ৰামাণিক ৰূপত ৰাছেল ভাইপাৰ সাপৰ উপস্থিতি গম পোৱা নাই। ২০১৬ বৰ্ষত এজন আৰু ২০২৩ বৰ্ষত দুজন ব্যক্তিক বঙাইগাঁওত ৰাছেল ভাইপাৰ সাপে দংশন কৰিছিল। এণ্টীভেনম বেজী লৈ তেওঁলোক সুস্থ হৈছিল। গতিকে ইয়াৰ পৰা গম পোৱা যায় যে ৰাছেল ভাইপাৰে খুটিলে চিকিৎসা আছে। মাত্ৰ আমি ভয় খাব নালাগে। তৎক্ষণাৎ চিকিৎসালয়লৈ নিব লাগে আৰু সাপে খোঁট মাৰা অংশ ডোখৰ লৰচৰ কৰিব নালাগে। আনহাতে সৰ্পবান্ধৱ সৌৰভ বৰকটকী টীমে দিয়া তথ্যমতে, শোণিতপুৰত ২০১৯ বৰ্ষতে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে এই সাপবিধৰ উপস্থিতিৰ প্ৰমাণিত তথ্য ভিডিঅ’ আকাৰত সংৰক্ষিত কৰি ৰাখিছে। ইয়াৰ পিছত ২০২৩ বৰ্ষৰ ২৬  নৱেম্বৰত শোণিতপুৰ জিলাৰ ছাগলী আহত অঞ্চলত  ৰাছেল ভাইপাৰৰ দংশনত মৃত্যু হৈছিল ১৩ বছৰীয়া শিশু তন্ময় কেওঁট। ২০২৩ বৰ্ষৰ ৩০ ডিচেম্বৰত শোণিতপুৰ জিলাৰ বেছেৰীয়াৰ বগা বৰা চুবুৰীৰ নিবাসী প্ৰসন্ন বৰাৰ মাটিমাহৰ খেতিৰ তলিত ৰাছেল ভাইপাৰ উদ্ধাৰ কৰিছিল সৌৰভ বৰকটকীয়ে। আজি পুনৰ ২আগষ্টত একে কেইখন অঞ্চলৰ আশে-পাশে ৰাছেল ভাইপাৰৰ পোৱালি উদ্ধাৰ হ’ল।
প্ৰেৰক পুলক ডেকা
You might also like