নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেটিঙত মই পেছাদাৰী হোৱাৰ প্রয়োজন, পৰাজয়ৰ বাবে নিজকে দোষাৰোপ ৰিয়ান পৰাগৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে পৰাজয়ৰ পিছত বেটিং সন্দর্ভত পেছাদাৰী হোৱাৰ প্রয়োজন বুলি উল্লেখ কৰে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে৷ গুৱাহাটীত অনুষ্ঠিত আই পি এলৰ খেলখনত কলকাতাৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ৷ ইয়াৰ বাবে নিজকে দোষাৰোপ কৰে ৰাজস্থান দলটোৰ অধিনায়ক ৰিয়ানে৷ কলকাতাৰ এই জয়ৰ নায়ক আছিল ডি ক’ক৷ তেওঁ শতক কৰাৰ পৰা বঞ্চিত হৈছিল যদিও এই হনিংছ আছিল অতি বিশেষ৷ কাৰণ গুৱাহাটীৰ পিটচ বেটিঙৰ বাবে সহজ নাছিল আৰু তেওঁ ক্রিজত থাকি বেটিং কৰি কেকেআৰক ছিজনৰ প্রথমটো জয় প্রদান কৰিছিল৷ ইয়াৰ পিছতে চলিত আইপিএলৰ প্রথম দুখন মেচত একেৰাহে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে আৰআৰ৷ ইফালে আৰ আৰৰ অধিনায়ক ৰিয়ান পৰাগে আইপিএলত দলৰ ক্রমাগত পৰাজয়ৰ বাবে দুখ প্রকাশ কৰি কয় যে তেওঁৰ বেটিঙৰ ক্ষেত্রত অলপ পেছাদাৰী হোৱাটো প্রয়োজন৷ খেলৰ অন্তত তেওঁ কয় যে ৰাজস্থানে হয়াৰ পৰা শিক্ষা লৈ ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ চেষ্টা কৰিব আৰু সতেজ মানসিকতাৰে চিএছকেৰ বিৰুদ্ধে খেলপথাৰত নামিব৷ ৩০ মার্চত ৰাজস্থান ৰয়েলছে গুৱাহাটীত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে আইপিএলৰ পৰৱর্তী খেলত মুখামুখি হ’ব৷

You might also like