বিশ্বৰ প্রথমগৰাকী বেটাৰৰ কৃতিত্ব ৰিয়ান পৰাগৰ
বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ বেটিঙত ছন্দ ওভতাই পোৱাই নহয়, বিস্ফোৰক বেটিঙেৰে টি–২০ ক্রিকেটত বিশ্ব অভিলেখৰ গৰাকী হ’ল অসম সন্তান ৰিয়ান পৰাগ৷ ক্রিকেটৰ হ্রস্ব সংস্কৰণত ক্রমাগত ৬টাকৈ অর্ধশতক অর্জন কৰি বিশ্বৰ প্রথমগৰাকী বেটাৰৰ গৌৰৱ অর্জন কৰিলে ৰিয়ান পৰাগে৷ কিংবদন্তি ক্রিকেটাৰৰ অভিলেখ ভংগ কৰি আজি বিশ্ব ক্রিকেটত অসমৰ নাম উজলালে প্রতিভাৱান অলৰাউণ্ডাৰগৰাকীয়ে৷ সম্প্রতি চলি থকা ছৈয়দ মুস্তাক আলী টি–২০ ক্রিকেট প্রতিযোগিতাত ধাৰাবাহিকভাৱে ৬টাকৈ অর্ধশতক অর্জন কৰি আজি নতুন ইতিহাস ৰচে ৰিয়ান পৰাগে৷ আজি মুম্বাইৰ শাৰদ পাৱাৰ ক্রিকেট একাডেমী বি কে চিত কেৰালাৰ বিপক্ষে অনুষ্ঠিত মেচখনত অর্ধশতক অর্জন কৰাৰ লগে লগে টি–২০ ক্রিকেটত বিশ্ব অভিলেখটো স্থাপন কৰে৷ মেচখনত অসম দলটোৰ জয়ত মুখ্য ভূমিকা লোৱা ৰিয়ান পৰাগে ৩৩টা বলত অপৰাজিতভাৱে ৫৭ ৰান কৰে৷ মন কৰিবলগীয়া যে টি–২০ ক্রিকেটত ক্রমাগত ৬টা ইনিংছত অর্ধশতক অর্জন কৰি প্রতিভাৱান অলৰাউণ্ডাৰ ৰিয়ান পৰাগে বিশ্বৰ প্রথমগৰাকী খেলুৱৈ হিচাপে অভিলেখ ৰচে৷ সম্প্রতি ঘৰুৱা ক্রিকেটত বেটিং–বলিঙত দুর্দান্ত প্রদর্শন দাঙি ধৰা ৰিয়ান পৰাগে যোৱা ২৫ অক্টোবৰত হিমাচল প্রদেশৰ বিপক্ষে খেলা মেচখনত অর্ধশতক অর্জন কৰি টি–২০ ক্রিকেটত ক্রমাগতভাৱে ৫টা অর্ধশতক কৰা টীম ইণ্ডিয়াৰ বিস্ফোৰক বেটাৰ বীৰেন্দৰ সেহৱাগৰ লগতে বিশ্বৰ আন ৬গৰাকীৰ অভিলেখটো স্পর্শ কৰিছিল৷ সেহৱাগে ডেয়াৰ ডেভিলছক প্রতিনিধিত্ব কৰি ২০১২ চনত আইপিএলত ক্রমাগত ৫টা অর্ধশতক অর্জন কৰিছিল৷ সেহৱাগৰ উপৰি টি–২০ ক্রিকেটত ক্রমাগত ৫টা অর্ধশতক অর্জন কৰা আনকেইগৰাকী ক্রিকেটাৰ হ’ল জিম্বাব’ৱেৰ হেমিল্টন, মাছাকাডজা (২০১২), লাহোৰ হোৱাইটছৰ পাকিস্তানৰ কামৰান আকমল (২০১৭), ৰাজস্থান ৰয়েলছৰ ইংলেণ্ডৰ জ’ছ বাটলাৰ (২০১৮), ছানৰাইজার্ছ হায়দৰাবাদৰ অষ্ট্রেলিয়াৰ ডেভিদ ৱার্নাৰ (২০১৯), নিউজিলেণ্ড আৰু ৱেলিংটনৰ ডেভ’ন ক’নৱে (২০২১) আৰু ডার্বিশ্বায়াৰৰ ৱেইন মাডছেন (২০২৩)৷ সম্প্রতি ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ফ্রেনছাইজী ৰাজস্থান ৰয়েলছক প্রতিনিধিত্ব কৰা অসম সন্তান ৰিয়ান পৰাগে চলিত ছৈয়দ মুস্তাক আলী টি–২০ৰ ৭খন মেচত ৬টাকৈ অর্ধশতক অর্জন কৰাৰ লগতে প্রতিযোগিতাখনত এতিয়ালৈকে ৪৪০ ৰান কৰি শীর্ষস্থানত আছে৷ আনহাতে বলিঙটো দুর্দান্ত প্রদর্শন দাঙি ধৰি ৰিয়ান পৰাগে ৭খন মেচত এতিয়ালৈকে ৯টা উইকেট দখল কৰি অসম দলৰ হৈ সর্বাধিক উইকেট দখল কৰিছে৷