নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত চুপাৰিৰ বস্তাভৰ্তি বলেৰোক লৈ ৰহস্য

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বৰলুইতৰ নিউ ঘাটৰ পাৰঘাটৰ পৰা আৰক্ষীয়ে এখন চুপাৰীৰ বস্তা ভৰ্তি এখন ব’লেৰো পিক্আপ বাহন জব্দ কৰা বুলি জানিব পৰা গৈছে। বৰ্তমানে ধুবুৰী সদৰ থানাত এএছ-১৭ চি /৫৯১৪ নম্বৰৰ সেই মালবাহী বাহনখন ৰখা হৈছে। জানিব পৰা মতে চুপাৰীৰ সেই বস্তাবোৰ নদীপথেদি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জৰ পৰা অনা হৈছিল ধুবুৰী নিউঘাটলৈ আৰু পাৰঘাটটোত তোলা হৈছিল সেই ব’লেৰো পিক্আপ বাহনখনত। ইপিনে বাহনখনত থকা চুপাৰীখিনি বৈধ নে অবৈধ বাৰ্মিজ চুপাৰী সেয়া এই মূহুৰ্তলৈ জানিব পৰা যোৱা নাই। অৱশ্যে এটা চক্ৰৰ কেইবা কুইন্টল চুপাৰীৰ বস্তাভৰ্তি সেই বাহনখন মোকোলাই নিয়াৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ হোৱা বুলি স্থানীয় ভূৰখা মহল একাংশত চৰ্চিত হ’বলৈ লোৱা পোৱা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like