🔹 পশ্চিমবংগত নৃ*শংস হ*ত্যা বঢ়মপুৰৰ যুৱকক
🔹 গোবিন্দনগৰৰ ৰাজপথত উদ্ধাৰ ৰূপজ্যোতি খাখলাৰীৰ ছিন্ন মুণ্ড
বিশেষ বার্তা, ২৯ মে’ : বহিঃৰাজ্যত কর্মসংস্থাপন বিচাৰি যোৱা নগাঁও জিলাৰ কন্দলিৰ এজন বিবাহিত যুৱকক নৃশংসভাৱে হত্যা কৰা ঘটনাহ কন্দলি অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷ এই খবৰ লাভ কৰাৰ পিছতে মৃত যুৱকজনৰ পৰিয়ালৰ লগতে গাঁওবাসীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়৷ জানিব পৰা মতে, বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত কন্দলি কমাৰপাৰ কছাৰীগাঁৱৰ আর্থিকভাৱে দুর্বল পৰিয়ালৰ ৰূপজ্যোতি খাখলাৰী নামৰ যুৱকজনে পত্নীৰে মিলি সাধাৰণ ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আছিল৷ পৰিয়ালক সকাহ দিয়াৰ লক্ষ্যৰে তিনি বন্ধুৰে মিলি বহিঃৰাজ্য পশ্চিমবংগৰ বাংকোৰা জিলাৰ গোবিন্দ নগৰলৈ গৈছিল ৰূপজ্যোতি খাখলাৰী৷ ২৩ মে’ত ঘৰৰ পৰা কলকাতালৈ যোৱা ৰূপজ্যোতিৰ গন্তব্য স্থান পোৱালৈকে পত্নীৰ লগত ম’বাইল ফোনত যোগাযোগ চলি আছিল৷ অৱশ্যে পৰৱর্তী সময়ৰ পৰা ৰূপজ্যোতিৰ পত্নীৰ লগত যোগাযোগ হোৱা নাছিল৷ আনকি ৰূপজ্যোতিৰ ম’বাইল ফোনৰ ছুইচ অফ হৈ পৰে৷ গন্তব্যস্থল পোৱাৰ পিছতে ৰূপজ্যোতিৰ এজন বন্ধু দ্বীপেন স্বর্গীয়াৰী অসুস্থ হোৱাত বন্ধুজনক গোবিন্দ নগৰৰ চিকিৎসালয়ত ভর্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰে৷ অসুস্থ বন্ধুৰ বাবে ঔষধ আনিবলৈ যোৱাৰ পথত ৰূপজ্যোতি ৰহস্যজনকভাৱে সন্ধানহীন হয়৷ ২৫ মে’ত ৰূপজ্যোতিক দুর্বৃত্তই নৃশংসভাৱে হত্যা কৰে বুলি জানিব পৰা গৈছে৷ পিছত তেওঁৰ ছিন্ন মুণ্ড গোবিন্দ নগৰৰ ৰাজপথত উদ্ধাৰ হয়৷ পৰিয়াল তথা স্থানীয় লোকে কোনো দুর্বৃত্তই ৰূপজ্যোতিক ঔষধ আনিবলৈ বাহিৰলৈ ওলাই অহাৰ পথত অপহৰণ কৰি নি হত্যা কৰাৰ সন্দেহ প্রকাশ কৰিছে৷ কি পৰিস্থিতিত, কেনেকৈ যুৱকজনৰ ছিন্ন মুণ্ড উদ্ধাৰ হ’ল, সেয়া জানিব পৰা হোৱা নাই ৷ আর্থিক দুৰৱস্থাৰ পৰা পৰিয়ালক সকাহ দিবলৈ কলকাতালৈ যোৱা ৰূপজ্যোতিয়ে কামত যোগ দিয়াৰ আগতেই দুর্বৃত্তৰ নৃশংসতাৰ বলি হ’ব লগা হ’ল৷ জানিব পৰা মতে, ৰূপজ্যোতি আৰু তেওঁৰ বন্ধুৱে নীলকমল নামৰ এটা প্রতিষ্ঠানত কাম কৰাৰ কথা আছিল৷ ৰূপজ্যোতিৰ বন্ধুৱে পশ্চিমবংগৰ আৰক্ষীৰে যোগাযোগ কৰে ৷ দুটা কন্যা সন্তানৰ পিতৃ ৰূপজ্যোতি খাখলাৰীৰ মৃত্যুত সমগ্র গাঁওখনত শোকৰ ছাঁ পৰিছে৷ পৰিয়ালৰ একমাত্র উপার্জনকাৰী ৰূপজ্যোতিৰ মৃত্যুত এতিয়া পৰিয়ালটোৱে দিক্বিদিক হেৰুৱাই পেলাইছে৷ আর্থিক দুৰৱস্থাৰ বাবে পৰিয়ালৰ লোক মৃত ৰূপজ্যোতিৰ কাষলৈ যাব পৰা নাই৷ ৰূপজ্যোতিৰ মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা কৰিবলৈ পৰিয়ালৰ লোক আৰু গাঁওবাসীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আহ্বান জনাইছে৷ এই খবৰ পোৱাৰ পিছতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে মৃতদেহ অনা বাহনৰ বাবে আর্থিক সাহায্য আগবঢ়ায়৷ এই সন্দর্ভত ৰূপজ্যোতিৰ পৰিয়ালে ননৈ আৰক্ষী চকীত এজাহাৰ দিছে বুলি জানিব পৰা গৈছে৷