নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ আজি কাতি বিহু। ধাননি পথাৰত কৃষক ৰাইজে আজি চাকি জ্বলাই লক্ষী আইৰ আশীর্বাদ লৈছে৷ কিন্তু ইয়াৰ মাজতে বানবিধস্ত বজালীৰ বহু কৃষকৰ চকুত দেখা গৈছে চকুলো। কাৰণ তেওঁলোকৰ উৰ্বৰ কৃষি মাটি চলিত বৰ্ষৰ একাধিক বলীয়া বানৰ বালিয়ে পুতি পেলোৱাৰ পিছত কৃষিভুমি সম্পুৰ্ণৰূপে চন পৰি ৰৈছে৷ বজালী জিলাৰ বিশেষকৈ নয়াপাৰা, অকয়া, মেধিকুছি, পিপলা আদি স্থানৰ কেইবা হাজাৰ বিঘা মাটি পহুমাৰা আৰু কালদিয়া নৈৰ বাঢ়নীপানীৰ পিছত বালিয়ে পুতি পেলোৱাৰ ফলত এই উৰ্বৰ কৃষি ভূমিসমূহ কৃষি কাৰ্যৰ বাবে অনুপযোগী হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত কৃষক সকলে কৃষি কৰ্ম কৰাৰ পৰা আতৰি গৈ এতিয়া কোনোৱে দিন হাজিৰা, কোনোৱে গৰু চৰোৱা কাৰ্য, কোনোৱে বাহ বেতৰ কৰ্ম, কোনোৱে ঠেলা চলোৱা আদি কৰ্ম কৰিবলৈ বাধ্য হৈ পৰিছে। ইয়াৰ মাজতে অসমীয়াৰ হেপাহৰ কাতি বিহুক লৈ ৰাজ্যৰ সৰ্বত্ৰে উখল মাখল পৰিৱেশ যদিও বজালীৰ উক্ত স্থান সমূহত কিন্তু কৃষক সকলৰ মাজত কাতি বিহুক লৈ নাই কোনো উৎসাহ উদ্দীপনা। বানবিধস্ত বজালীৰ বালিয়ে পুতি পেলোৱা কৃষি ভূমি আজি প্ৰত্যক্ষ কৰি চকুলো টুকা একাংশ কৃষকৰ দূৰ্দশাৰ দৃশ্যই কৃষকসকলৰ অবৰ্ণণীয় মৰ্মবেদনা প্ৰকট কৰি তুলিছে। একাংশ কৃষকে কাতি বিহুৰ দিনটোত চন পৰা পথাৰতে আই লক্ষ্মীক আৰাধনা কৰি চাকি জ্বলোৱাৰ প্ৰস্তুতি চলাইছে৷ বালিয়ে পুতি পেলোৱা কৃষি ভূমিত খেতি কৰিব নোৱাৰি বহু কৃষক আজি সৰ্বস্বান্ত হৈ পৰিছে যদিও এই সকল কৃষকৰ বাবে চৰকাৰীভাৱে আজিলৈ কোনো ধৰনৰ ব্যবস্থা কৰা নহল। এইবছৰ কাতি বিহু প্ৰকৃকাৰ্থত কঙালি হৈ আহিল বজালীৰ বহু কৃষকৰ মাজলৈ। প্ৰতি বছৰে আজিৰ দিনটোত শস্য শ্যামলা কৃষি পথাৰত চাকি বন্তি জ্বলোৱা এই সকল কৃষকে আজি চকুলো টুকি চাকি বন্তি জ্বলাব বালিয়ে পুতি চন কৰা নিজৰ আদৰৰ কৃষিভূমিত৷
প্ৰেৰক কল্যাণ কলিতা