শদিয়াৰ চপাখোৱাত অনুষ্ঠিত সদৌ বুুঢ়াগোহাঞি বংশাৱলীৰ অধিৱেশনত অংশগ্রহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা, ৩ এপ্রিলঃ পৃথিৱীৰ ইতিহাসত নজহা–নপমা চানেকি ৰাখি থৈ যোৱা ৬০০ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম কাণ্ডাৰী আছিল বুঢ়াগোহাঞি ডাঙৰীয়াসকল৷ স্বর্গদেউ চাওল্যুং চ্যুকাফাই মৈত্রী আৰু একতাৰ ডোলেৰে বান্ধি প্রতিষ্ঠা কৰা বৰ অসমৰ ভেটি সুদৃঢ় কৰাত বুুঢ়াগোহাঞি ডাঙৰীয়াসকলৰ ভূমিকা আছিল অপৰিসীম৷ প্রচুৰ কর্মদক্ষ, বিচক্ষণ আৰু কর্তব্যপৰায়ণ বুুাগোহাঞি ডাঙৰীয়াসকলে আহোম ৰাজত্বৰ প্রশাসন, সমাজ ব্যৱস্থা, অর্থনৈতিক ক্ষেত্রত সুকীয়া চাপ এৰি অসমীয়া জাতিটোকে চিৰকাললৈ যুগমীয়া কৰি থৈ গৈছে৷ আজি ইতিহাসপ্রসিদ্ধ শদিয়াৰ চপাখোৱাত অনুষ্ঠিত সদৌ বুুঢ়াগোহাঞি বংশাৱলীৰ ১৩৯ সংখ্যক অধিৱেশনত অংশগ্রহণ কৰি প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে আহোম শাসনৰ ছশ বছৰীয়া ৰাজত্বকালত বহিঃ তথা আভ্যন্তৰীণ সকলো সমস্যাৰ সমাধানৰ ক্ষেত্রত স্বর্গদেউসকলক ৰাজমন্ত্রী বুঢ়াগোহাঞি ডাঙৰীয়াসকলে প্রদান কৰা পৰামর্শহ আহোম ৰাজত্বৰ ভেটি সুদৃ কৰিছিল৷ অসীম ধৈর্য, সাহস, কষ্ট সহিষুতা, উদাৰ মনোভাৱেৰে বুঢ়াগোহাঞি ডাঙৰীয়াসকলে সমস্যা সমাধানৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা লৈছিল৷ দীর্ঘদিনীয়া আহোম ৰাজত্বকালত বুঢ়াগোহাঞি ডাঙৰীয়াসকলে যি অভূতপূর্ব বৰঙণি আগবঢ়াই গল সেয়া অসম তথা অসমীয়া জাতিৰ জাতীয় চেতনাত সদায় অম্লান হৈ ৰব৷ এই মন্তব্য কৰি মুখ্যমন্ত্রী শর্মাই কয় যে কর্তব্যপৰায়ণতা আৰু ৰাজনৈতিক বিচক্ষণতাৰে আহোম ৰাজ্যৰ গুৰি ধৰি কাললৈ অক্ষয় কীর্ত্তি ৰাখি থৈ যোৱা বুঢ়াগোহাঞি ডাঙৰীয়াসকলক লৈ অসমবাসী সদায় গর্বিত৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১২৫৩ খ্রীষ্টাব্দত স্বর্গদেউ চ্যুকাফাই চৰাহদেউত ৰাজধানী পাতি বুুাগোহাঞি আৰু বৰগোহাঁহ পদবীৰ সৃষ্টি কৰি আহোম প্রশাসনৰ স্থায়ী ভেটি নির্মাণ কৰিছিল৷ সেই সময়ৰ পৰা ছশ বছৰীয়া আহোম প্রশাসনত বুঢ়াগোহাঞি মন্ত্রিত্বৰ পদত পুৰুষানুক্রমে নিযুক্তিপ্রাপ্ত বুঢ়াগোহাঞিসকলে দেশমাতৃৰ বাবে একনিষ্ঠ দায়িত্ব আৰু কর্তব্য পালনেৰে ঐতিহাসিক ভূমিকা গ্রহণ কৰিছিল৷ আহোম প্রশাসনত ৰাজমন্ত্রীৰ বিষয়বাবেৰে ভূষিত হোৱা বুঢ়াগোহাঞি ডাঙৰীয়াসকলে নিজস্ব দক্ষতা, বিচক্ষণতা আৰু ৰাজনৈতিক প্রজ্ঞাৰে আহোম ৰাজত্বৰ ইতিহাসত অম্লান চাপ এৰি থৈ গৈছে বুলিও ড০ শর্মাই কয়৷ বুঢ়াগোহাঞি পৰীয়া লোকসকলে সৰু–বৰ সামৰিক আৰু অসামৰিক বিষয়বাবতো নিযুক্ত হৈ বিচক্ষণতা, কর্তব্যপৰায়ণতা আৰু চাতুর্যতাৰে আহোম স্বর্গদেউসকলক প্রশাসনৰ গুৰি–বঠা ধৰাত গুৰুত্বপূর্ণ অৰিহণা যোগাহ গৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বুুাগোহাঞি বংশৰ লোকে অনেক বিষয়ত নিযুক্তিপ্রাপ্ত হৈ আহোম ৰাজ্যৰ প্রশাসনিক নিৰাপত্তা সুদৃঢ় কৰিছিল তথা আর্থ–সামাজিক কার্যকলাপক বিশেষ গতি দিছিল৷ ছশ বছৰীয়া আহোম প্রশাসনত বুঢ়াগোহাঞি ডাঙৰীয়াসকলে ত্যাগ, দেশপ্রেম, বীৰত্ব আৰু প্রশাসনিক কার্যকলাপেৰে আহোম ৰাজত্বৰ প্রশাসনিক স্থিতি সুদৃঢ় কৰি অসম তথা অসমীয়া জাতিক ৰাজনৈতিকভাৱে নিৰাপত্তাৰ ছাঁ প্রদান কৰিছিল৷ এই কথা উল্লেখ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বুঢ়াগোহাঞি ডাঙৰীয়াসকলৰ ৰাজনৈতিক বিচক্ষণতা আৰু পাৰদর্শিতাৰ বাবেই আহোম যুগৰ শৌর্য–বীর্য চাৰিওফালে প্রসাৰিত হৈছিল৷ বুঢ়াগোহাঞি ডাঙৰীয়াসকলৰ সামৰিক নেতৃত্বতে সোতৰবাৰকৈ হোৱা মোগল আক্রমণ প্রতিহত কৰিবলৈ সকলো লুইতপৰীয়াহ একগোট হৈ অসমীয়া জাতীয়তাবোধেৰে অনুপ্রাণিত হৈছিল৷ আহোম প্রশাসনত শুকুলাহুদু বুঢ়াগোহাঞি, আতন বুঢ়াগোহাঞি, দীঘলা বুঢ়াগোহাঞি, পূর্ণানন্দ বুঢ়াগোহাঞি, খামপেং বুঢ়াগোহাঞিসকলে লোৱা ভূমিকা ইতিহাসৰ পাতত আজিও সগৌৰৱে জিলিকি আছে বুলিও তেওঁ কয়৷ অসমৰ ইতিহাস সমৃদ্ধ কৰা বুঢ়াগোহাঞি ডাঙৰীয়াসকলৰ স্মৃতি কাললৈ সজীৱ কৰি ৰখাৰ লগতে তেওঁলোকৰ আদর্শৰে আগুৱাই দেশ আৰু জাতিৰ সেৱাত অধিক উদ্যমেৰে আত্মনিয়োগ কৰিবলৈ মুখ্যমন্ত্রীয়ে বুঢ়াগোহাঞি বংশধৰসকলক আহ্বান জনায়৷ তেওঁ লগতে আশা প্রকাশ কৰে যে আহিবলগীয়া দিনবোৰতো বুঢ়াগোহাঞি বংশধৰসকলে অসমীয়া জাতিটোক অধিক সবল কৰাত তথা জাতিটোক জগত সভালৈ লৈ যোৱাৰ ক্ষেত্রত শক্তিশালী পদক্ষেপ গ্রহণ কৰিব৷ সভাত সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ তৰফৰ পৰা প্রদান কৰা স্মাৰকপত্রৰ দাবীসমূহ ইতিবাচক দৃষ্টিভংগীৰে বিবেচনা কৰাৰ লগতে বংশাৱলীৰ কার্যালয়–গৃহ নির্মাণৰ বাবে শদিয়াত এটুকুৰা ভূমি আবণ্টনৰ ব্যৱস্থা কৰা হব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷ আজিৰ সভাত চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, সাংসদ প্রদান বৰুৱা, স্থানীয় বিধায়ক বলীন চেতিয়া, অৰুণাচল প্রদেশৰ ডাম্বুক সমষ্টিৰ বিধায়িকা গুম টায়েং, বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বৰগোহাঞি, সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ কেন্দ্রীয় সভাপতি চাও সুন্দৰ বুঢ়াগোহাঞি আৰু সম্পাদক চাও ৰঞ্জন বুঢ়াগোহাঞিকে ধৰি বহুসংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷