নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ জীৱনৰ যিকোনো এটা দিশ পৃথক কৰিব নালাগে৷ জীৱন, প্রেম, আধ্যাত্মিকতা, ক্রীড়া এই সকলোবোৰ জীৱনৰ বিভিন্ন মাত্রা৷ যেতিয়া জীৱন সংগ্রাম চলি থাকে, তেতিয়া এই সকলোবোৰে মানৱ জীৱনৰ বিভিন্ন অভিব্যক্তি হিচাপে থিয় দিয়ে৷ –এই আধ্যাত্মিক অনুভৱ গ্ল’বেল আইকন সদ্গুৰুৰ৷ ১৭সংখ্যক বর্ষপূর্তি উপলক্ষে অনুষ্ঠিত প্রাইড ইষ্ট কনক্লেভত অংশগ্রহণ কৰি আধ্যাত্মিক গুৰুজনাই কয় যে যদি আপুনি এক উষ্ণ জীৱন যাপন কৰে, আপুনি জানে যে এনে জীৱনৰ কোনো তীব্রতা নাই কেৱল খোৱা আৰু শোৱা জীয়াই থকাৰ উদ্দেশ্য হয়, তেন্তে তেনে জীৱন উদ্দেশ্যহীন৷ কিন্তু যদি কোনোবাই সংগ্রামী জীৱন যাপন কৰে, তেন্তে জীৱনলৈ আহে কলা–সংগীত, আধ্যাত্মিকতা, ক্রীড়া৷ এয়া নির্ভৰ কৰিব আপুনি কিদৰে জীয়াই থাকে৷ নর্থ–ইষ্ট লাইভৰ এডিটৰ ইন চীফ ৱাছবীৰ হুছেইনৰ সৈতে হোৱা বার্তালাপত আধ্যাত্মিক গুৰুজনে ভগৱানক কিদৰে লাভ কৰিব পাৰি সেই সন্দর্ভত তেওঁৰ জ্ঞান প্রকাশ কৰি কয়– বিভিন্নজনে বিভিন্ন ধৰণে ভগৱানক বিচাৰে৷ কিন্তু সকলোৱে শংকা–দুশ্চিন্তাৰ পৰা মুক্তি বিচাৰে৷ দৰাচলতে আমাক ভগৱানৰ পৰা কিবা লাগে৷ আমি নিজকে কিন্তু ভগৱানৰ ওচৰত সমর্পিত কৰিব নোৱাৰোঁ৷ সত্য যদি আপোনাৰ গুৰু হয়, তেন্তে বিচৰাটো লাভ কৰিব পৰা যায়৷ আজিৰ কংক্রিট সমাজ জীৱনে দুশ্চিন্তা–শংকাৰ পৰা মুক্তি বিচাৰে৷ জীৱনত অভিজ্ঞতাৰ পৰা শিকিবলৈ আহ্বান জনাই আধ্যাত্মিক গুৰুজনে কয় যে সকলোৱে বিভিন্ন ক্ষেত্রত পাকৈত৷ যিসকলে নিজ নিজ ক্ষেত্রত পাকৈত, তেওঁলোকৰ পৰা শিক্ষা আহৰণ কৰাটোৱেই জীৱন গঠনৰ মূল প্রক্রিয়া হ’ব লাগে৷ দেশৰ বৈচিত্র্যতাৰ কথা উল্লেখ কৰি আধ্যাত্মিক গুৰুজনে কয় যে ভাৰতত বহু জাতি–জনগোষ্ঠীয়ে বসবাস কৰে৷ প্রতিটো জনগোষ্ঠীৰ নিজা পৰম্পৰা আছে, বৈশিষ্ট্য আছে৷ বিদেশত বিভিন্ন প্রদর্শনীত ভাৰতৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ সাজ–পোছাক প্রদর্শিত হয়৷ কিন্তু এই সাজ–পোছাকসমূহ প্রস্তুত কৰা লোকৰ সংখ্যা কমি আহিছে৷ বর্তমান নৱপ্রজন্মই তথ্য–প্রযুক্তিৰ দিশে আগবাঢ়িছে৷ কিন্তু আমাৰ পৰম্পৰাগত সামগ্রীসমূহ নির্মাণৰ ক্ষেত্রত উত্তৰাধিকাৰী নোহোৱা হৈ আহিছে৷ এয়া যথেষ্ট উদ্বেগজনক বিষয়৷ ৱাছবীৰ হুছেইনৰ এক প্রশ্ণৰ উত্তৰত আধ্যাত্মিক গুৰুজনে কয়– মই যোৱা ৩৬ বছৰত যিসমূহ কথা কৈ আহিছোঁ, এই আটাইবোৰ মাটিৰ সৈতে জড়িত৷ কিন্তু বিভিন্ন আন্তঃৰাষ্ট্রীয় মঞ্চত মই যেতিয়াই ভূমিৰ কথা কওঁ, বহু বিদেশী নেতা তথা ৰাষ্ট্র নেতাই ভূমিৰ পৰিৱর্তে তেলৰ কথাহে ক’ব বিচাৰে৷ কাৰণ বহু ৰাষ্ট্র বা সমাজৰ বাবে ভূমিতকৈ তেলৰ মূল্য অধিক৷ মোৰ কথা হ’ল– গোলকীয় উষ্ণতা ভূমিৰ কথা নোকোৱাকৈ কিদৰে প্রশমন কৰিব পাৰিব৷ ভূমি নোহোৱাকৈ, মাটি নোহোৱাকৈ কিদৰে জীৱনযাত্রা চলিব? পানী সংৰক্ষণৰ কথা উল্লেখ কৰি সদ্গুৰুৱে কয়– ভাৰতবর্ষৰ ৯৬ শতাংশ নদী বৰষুণৰ পৰা সৃষ্ট নদী৷ মাত্র ৪ শতাংশহে গ্লেছিয়াৰৰ পৰা অহা নদী৷ নদী সম্পর্কত আমাৰ যি পাঠ্যক্রম আছে সেয়া পাশ্চাত্য দেশসমূহৰ দেশসমূহক অনুকৰণ কৰা৷ পশ্চিমীয়া দেশসমূহৰ নদীসমূহ বৰফৰ দ্বাৰা সৃষ্ট নদী৷ কিন্তু বৰষুণেহে আমাক পানী যোগান ধৰি আহিছে৷ অসমত বৰষুণৰ মাত্রা অধিক বাবেই পানীৰ পৰিমাণো অধিক৷ বছৰটোৰ প্রায় ডেৰশ দিন বৰষুণে আমাক পানী যোগান ধৰে৷ কিন্তু এতিয়া ৭০ৰ পৰা ৯০ দিনহে বৰষুণে আমাক পানী দিয়ে৷ পৰিতাপৰ বিষয়টো হ’ল, এই সময়ছোৱাতে যথেষ্ট পৰিমাণৰ বৰষুণ হোৱাৰ ফলত আমাৰ ভূমিসমূহে পানী সংৰক্ষণ কৰিবলৈ সক্ষম নহয়৷ যাৰ ফলত আমাৰ ভূগর্ভৰ পানী কমি আহিছে৷ ব্রহ্মপুত্রৰ ওপৰত চীনে নির্মাণ কৰা বৃহৎ নদীবান্ধৰ কথা এই বার্তালাপ অনুষ্ঠানত ৱাছবীৰ হুছেইনে উত্থাপন কৰাৰ সময়তে আধ্যাত্মিক গুৰুজনে কয়– এয়া নিশ্চিতভাৱে দুর্যোগ৷ এয়া এখন দেশৰ সমস্যা নহয়, সমগ্র পৃথিৱীৰেই এই সমস্যা৷ ভৌগোলিকভাৱে আমি পৃথিৱীক খণ্ড–বিখণ্ড কৰি দিছোঁ৷ আমি নির্ধাৰণ কৰা সীমা অতিক্রম কৰি কোনোবা আহিব খুজিলেই আমি তেওঁক গুলীয়াই দিছোঁ৷ আমি আমাৰ চিন্তা–দৃষ্টিভংগী সলনি কৰিবৰ হ’ল৷ এখন পৃথিৱীৰ বাসিন্দা হিচাপে সকলোৱে চিন্তা কৰিলেহে আমি আমাৰ সমস্যা সমাধান কৰিব পাৰিম৷ যুৱশক্তিৰ মাজত ড্রাগ্ছ প্রচলনৰ প্রসংগ উল্লেখ কৰি সদ্গুৰুৱে কয়– প্রতিজনে নিজৰ শৰীৰৰ মাজেৰে যি আনন্দ–শক্তি লাভ কৰিছে তাৰ উপৰি অধিক চেষ্টা কৰাটোৱেই মুর্খামি৷ যদি স্বর্গলৈ যোৱা পথ হ’ল মৰম আৰু সততাৰ পথ৷ সকলোৱে স্বর্গলৈ যাব বিচাৰে যদি মৰম আৰু সততাৰ পথ লওক৷ যদি নিজৰ জীৱনটো এই পৃথিৱীত সুন্দৰ বুলি নাভাবি ড্রাগ্ছেৰে আন এক সুন্দৰ জীৱনৰ কথা ভাবিছে, সেয়া হ’ল আটাইতকৈ ভয়ানক চিন্তা৷