নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়াৰ ঐতিহ্যমণ্ডিত বুঢ়া–বুঢ়ী শালত অসমবাসীৰ মংগল প্রার্থনা

নিয়মীয়া বাৰ্তা ১ মেঃ অসম বিধানসভা নির্বাচনৰ ভোটগণনালৈ মাজতে মাথোঁ এদিন বাকী থকা অৱস্থাত আজি তিনিচুকীয়া জিলাৰ শদিয়াৰ ঐতিহ্যমণ্ডিত বুঢ়া–বুঢ়ী শাল আৰু কর্দৈগুৰিৰ সমীপৱর্তী দহোতীয়া গাঁৱৰ শ্রীশ্রীকৃষ্ণ ভুজ সমন্বয় ক্ষেত্রত দিচাম দেৱ সত্রৰ ৰঙালী বিহু আৰু আৰাধনা তিথিত উপস্থিত হৈ আশিস গ্রহণ কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ দুয়োখন সেৱাৰ থলীত অসমৰ জনগণৰ কুশল–মংগল প্রার্থনা কৰে৷ ড০ শর্মাই শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হেলিকপ্ঢাৰেৰে অৱতৰণ কৰি পোনে পোনে শদিয়া মহকুমা সদৰৰ পৰা প্রায় ১২ কিলোমিটাৰ নিলগত থকা বুঢ়া–বুঢ়ী গাঁৱত থকা বুঢ়া–বুঢ়ী মন্দিৰলৈ ৰাওনা হয়৷ উল্লেখ্য যে তেওঁৰ এই ভ্রমণ সম্পূর্ণ ব্যক্তিগত আছিল যদিও এই কার্যসূচীত ড০ শর্মাক লগ দিয়ে শদিয়া সমষ্টিৰ বিজেপিৰ প্রার্থী তথা বিধায়ক বলীন চেতিয়া আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱাই৷

ইফালে সাংবাদিকৰে হোৱা বার্তালাপত তেওঁ যে কেইবছৰমান পূর্বে তেওঁ এই শালখনলৈ আহি আশিস বিচাৰিছিল৷ তদুপৰি তেওঁৰ কিছু ব্যক্তিগত আর্থিক বৰঙণিৰ ভিত্তিত মন্দিৰৰ কাম আগবাঢ়ি আছিল৷ আজি এই কাম নিৰীক্ষণৰ বাবেহে তেওঁ শদিয়াত উপস্থিত হয়৷ আনহাতে, ড০ শর্মাই প্রায় আধা ঘণ্টাহে শালত কটায় আৰু কেইজনমান দলীয় সতীর্থৰ লগতে সাংসদ প্রদান বৰুৱা আৰু বলীন চেতিয়াৰ সৈতে মন্দিৰ পৰিচালনা সমিতিৰ উপস্থিতিত গোসাঁনীলৈ পূজা আগবঢ়াই দেউৰীৰ পৰা আশীর্বাদ গ্রহণ কৰে৷

ইফালে নির্বাচনৰ ফলাফল ঘোষণালৈ মাজত মাথোঁ কেইটামান ঘণ্টা থকা অৱস্থাত ৰাজ্যৰ প্রভাৱশালী ৰাজনৈতিক নেতাজনৰ এই কার্যসূচীয়ে বিশেষ তাৎপর্য বহন কৰিছে৷ আনহাতে, তিনিচুকীয়া জিলাৰ কর্দৈগুৰিৰ সমীপৱর্তী দহোতীয়া গাঁওস্থিত শ্রীশ্রীকৃষ্ণ ভুজ সমন্বয় ক্ষেত্র দিচাম দেৱ সত্রত আয়োজিত ৰঙালী আৰু আৰাধনা তিথিত উপস্থিত হৈ সেৱা লয় ৰাজ্যৰ স্বাস্থ্য, শিক্ষা, লোকনির্মাণ আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ২২ এপ্রিলৰ পৰা ৯ দিনীয়াকৈ আয়োজিত ৰঙালী বিহু আৰু আৰাধনা তিথিৰ আজি সামৰণী অনুষ্ঠানত ভাগ লৈ তেওঁ সেৱা লয়৷ মন্ত্রীগৰাকী সত্রত ১৫ মিনিট থাকি আৰাধনা তিথিত ভকতৰ ওচৰত সেৱা লৈ পুনৰ হেলিকপ্ঢাৰেৰে উভতি যায়৷ উল্লেখ্য যে শ্রীশ্রীকৃষ্ণ ভুজ সমন্বয় ক্ষেত্র দিচাম দেৱ সত্রত নির্বাচনৰ পূর্বেও সেৱা লোৱা মন্ত্রীগৰাকীয়ে ভোটগণনাৰ এদিন পূর্বে আহি সেৱা লোৱাটো তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে৷ ৰঙালী বিহুৰ ৰং–ৰহইচ আৰু আৰাধনা তিথি ২২ এপ্রিলৰ পৰা আৰম্ভ হৈছে৷

You might also like