বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰ : চাহ বাগিচাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত সোণাৰিৰ এটা জলপ্ৰপাত। কেতিয়াবাই জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে এই জলপ্ৰপাত। মহামাৰী ক’ভিডৰ সময়তে অৱসৰ বিনোদনৰ উত্তম স্থানত পৰিণত এই চাহেবখানা। চিংলৌ (Singlo) গ্ৰুপ অৱ টি ইন্ডাষ্ট্ৰীৰ চাহ বাগিচাৰ অন্যতম চৰাইদেউ জিলাৰ সোণাৰিৰ চফ্ৰাই চাহ বাগিচা। এই চফ্ৰাই চাহ বাগিচাত আছে চাহেবখানা নামৰ এটুকুৰা ঠাই। মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে চাহ বাগিচাৰ মাজত নাগালেণ্ডৰ পাহাৰৰ পৰা শিলে শিলে বৈ আহিছে এটা জলপ্ৰপাত। চফ্ৰাই, চিংল আদি দৰে পাহাৰীয়া নৈ-উপনৈৰ সংগমেৰে সৃষ্টি হৈছে এই জলপ্ৰপাতটোৰ। উপনিৱেশ বা ব্ৰিটিছৰ শাসনৰ সময়ত ব্ৰিটিছ চাহাব, বিষয়াসকলে অৱসৰ বিনোদনৰ সময় কটাইছিল এই জলপ্ৰপাতটোত আৰু তেতিয়াৰে পৰাই এই ঠাইডোখৰৰ প্ৰাকৃতিক সৌন্দৰ্যই আকৰ্ষণ কৰি আহিছে। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও আজি পৰ্যন্ত এই ঠাইডোখৰৰ প্ৰতি চৰকাৰ তথা বাগিচা কৰ্তৃপক্ষই সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ যেনে ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, তেনে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। উল্লেখ কৰা প্ৰয়োজন যে চৰকাৰৰ কৃপাদৃষ্টি পৰিলে এই জলপ্ৰপাতে অন্য এক মাত্ৰা পাব বুলি আশাবাদী সচেতন মহল। এতিয়া অপেক্ষা কেৱল চৰকাৰৰ যুগান্তকাৰী সু-পৰিকল্পিত পদক্ষেপলৈ ।
প্ৰেৰক দীপাংকৰ পাল