নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো সাহিত্যৰ লেখক দেওবাৰ ৰামচিয়াৰীলৈ সাহিত্য একাডেমীৰ শিশু সাহিত্য পুৰস্কাৰঃ বৰমাত আনন্দ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: সাহিত্য একাডেমীৰ শিশু সাহিত্য পুৰস্কাৰ বঁটাৰে বিভূষিত হ’ল বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকীৰ বাসিন্দা দেওবাৰ ৰামচিয়াৰী। বড়ো সাহিত্যৰ নীৰৱ সাধক ৰামচিয়াৰীয়ে “লাংগোনানি বখালি গথ’ নামৰ শিশু উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰি বৰমালৈ গৌৰৱ কঢ়িয়াই আনে। বড়ো সাহিত্য সভাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত থকা দেওবাৰ ৰামচিয়াৰীয়ে ইতিমধ্যেই কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিছে। লাংগোনানি বখালি গথ’, চিচকিন আং আৰো গুবাং, অঞ্জালী ধাবা, অভাৰব্ৰিজ, আদিকে ধৰি ছয় খনকৈ গ্ৰন্থ লিখি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই বঁটাৰ বাবে উৎফুল্লিত হৈ পৰিছে তেওঁৰ শিক্ষয়িত্ৰী পত্নী বেনু মুছাহাৰী। তেওঁক লিখাৰ বাবে উৎসাহ জনোৱা কথাও দোহাৰে। ভৱিষ্যতে আৰু যাতে লিখি আগুৱাব পাৰে তাকেই কামনা কৰিছে পত্নীয়ে। ২০১৪ চনতে লিখা শিশু উপন্যাসখনৰ বাবে এই বটা তেওঁ লাভ কৰিছে যদিও তেওঁ এই বঁটা পাব বুলি ভবা নাছিল বুলি কয় দেওবাৰ ৰামচিয়াৰীয়ে। তেওঁ আজি অত্যন্ত সুখী বুলি দোহাৰি সাহিত্য চৰ্চা কৰি যাব বুলি কয়। বড়ো সাহিত্যৰ লগতে আন ভাষাৰ গ্ৰন্থ অধ্যয়ন কৰি ভাল পোৱা দেওবাৰ ৰামচিয়াৰীয়ে ১৯৯৪ চনৰ পৰা লিখা আৰম্ভ কৰা বুলি জানিব দিয়ে। তেখেতৰ প্ৰথম গ্ৰন্থ প্ৰকাশ পায় ১৯৯৯ চনত। ভৱিষ্যতে তেখেতে বৰমা ৰিডাৰ্চ ফ’ৰামৰ জড়িয়তে পঢ়াৰ পৰিৱেশ গঢ়াৰ কথা দোহাৰে।

প্ৰেৰক পংকিল বৰ্মন

You might also like